আৰু কাৰ্য্যৰ গতি কোনেও তৎ ধৰিব নোৱাৰিছিল, তেওঁৰ নিচিনা চঞ্চল স্বভাৱ আৰু ঘনাই মত সলোৱা মানুহ সংসাৰত অতি বিৰল । ব্ৰাহ্মণৰ সন্তান হৈ পোনতে তেওঁ ব্ৰাহ্ম, পাছত খৃষ্টান আৰু শেহত পৰাচিত হৈ পুনৰ হিন্দু সমাজত সোমায় । আচৰিত মানিবলগীয়া যে খৃষ্ট ধৰ্ম্মাবলম্বী হৈয়ো তেওঁ লগুণ এৰি দিয়া নাছিল! তেওঁৰ এই বিচিত্ৰ “খাম খেয়ালিৰ” বাবে আনন্দীবায়ে কেবাবাৰো দাৰুণ মৰ্ম্মবেদনা ভোগ কৰে।
গোপাল ৰাওৰ লগত যমুনাৰ বিয়াৰ দিন স্থিৰ হৈ গল, কিন্তু ইতিমধ্যে গোপাল ৰাওৰ মত বদলিল, তেওঁৰ প্ৰৱল ইচ্ছা হল যে তেওঁ বিধৱা বিয়া কৰায় ৷ ইতি পূৰ্ব্বে তেওঁ মহাৰাষ্ট্ৰ দেশৰ বিদ্যাসাগৰ বিধৱা বিবাহ প্রবর্ত্তক পণ্ডিতবৰ শ্রীযুক্ত পৰশুৰাম শাস্ত্ৰীৰ লগত ফুৰি বিধৱা-বিবাহৰ ঘোৰ পক্ষপাতী হৈ পৰে ! এনে কি, যমুনাৰ লগত সম্বন্ধ স্থিৰ হোৱাৰ পাছতো তেওঁ এটী বিধৱা কন্যাৰ সন্ধানত আছিল । ইফালে গণপৎৰায়ে মিতিৰ কুটুম আত্মীয় পৰিয়ালক মাতি বিয়ালৈ আয়োজন কৰিলে। চাওঁতে চাওঁতে বিয়াৰ দিন উপস্থিত হল, শুভলগ্নৰ ক্ষণ আহিল, তথাপি দৰাৰ ছাঁটোও দেখা পাবলৈ নাই ! গণপৎ ৰাও এই আকস্মিক দুর্যোগত পৰি বিমোৰ হল ।
যিজন মানুহে ঘটক হৈ যমুনাৰ বিয়াৰ সম্বন্ধ স্থিৰ কৰিছিল। তেওঁ এদিন নাচিক-ষ্টেচনত গোপাল ৰাওক দেখা পায় । গোপাল ৰাওক লগত লৈ মধ্যস্থজনে নাচিক নিবাসী শ্রীযুক্ত গদাধৰ নৰসিংহ কেতকৰ ডাঙৰীয়াৰ ওচৰলৈ গল । গোপাল ৰাও যিমানকি চঞ্চল