সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
চানেকি

সাত বছৰ বয়সত যমুনাক স্কুলত নাম লগাই দিয়া হয়। তেওঁৰ স্মৰণ-শক্তি বৰ চোকা আছিল, কোনো কথা এবাৰ শুনিলে তাক তেওঁ সহজে নেপাহৰিছিল, কিন্তু পঢ়াশুনাত তেওঁৰ বিশেষ মনোযোগ নাছিল ।

 পঢ়াপালিলৈ যোৱাৰ নাম শুনিলে তেওঁ যম দেখাদি দেখিছিল ; স্কুললৈ যাবৰ সময় আহিলেই তেওঁৰ পেট-কামোৰণি ধৰিছিল, নাইবা আন ধৰণৰ অসুখ আৰম্ভ হৈছিল। এই কাৰণে ঘৰৰ ভিতৰত আইতাকৰ বাহিৰে আনে কেও তেওঁক বৰ মৰম নকৰিছিল।

 যমুনা বেছ শকত আৰু বলিষ্ঠা ছোৱালী আছিল। এদিন তেওঁৰকৈ বয়সে ডাঙৰ এজন সম্পৰ্কীয় লৰাক কুস্তিখেলাত হৰুৱাৰ বাবে তেওঁ “যমুনা মল্ল” নাম পায়। যমুনা বৰ বাঢ়নীয়া লক্ষণৰ ছোৱালী আছিল, সাত বছৰ বয়সতে তেওঁক দহ বছৰীয়া জনী যেন দেখাইছিল ৷ কাজেই যমুনাৰ বিয়াৰ নিমিত্তে আটায়ে চিন্তান্বিত হ'ল। যমুনা সুন্দৰী নাছিল। গতিকে তেওঁলৈ সতকাই দৰা পোৱা টান হ'ল ৷ বহুত দিন দৰা বিচৰাৰ পাছত ডাক-বিভাগৰ কৰ্ম্মচাৰী শ্ৰীযুক্ত গোপাল ৰাও বিনায়ক জোছী সঙ্গমনেৰকৰ লগত যমুনাৰ বিয়াৰ স্থিৰ হ'ল, আৰু বিয়াৰ দিনো নিৰ্দ্ধাৰিত হল । গণপট্‌ৰাওৰ মূৰৰপৰা যেন এটা একান্ত চিন্তাৰ বোজা নমাই থোৱা হল ৷

 গোপাল ৰাওৰ বিষয়ে এই খিনিতে গোটাচেৰেক কথা কৈ থোৱা ভাল । তেওঁ অদ্ভুত প্ৰকৃতিৰ মানুহ আছিল, তেওঁৰ কথা