ভটীয়াই আহোঁঁতে বাটত সলাল গোঁহাইক লগ পায় । সলাল গোঁহাইৰ পৰামৰ্শ মতে কোঁৱৰে ভিনিহীয়েক অর্থাৎ বায়েক বাউলী আইদেউৰ স্বামী গুৱাহাটীৰ বন্দৰ বৰফুকনৰ ঘৰলৈ যায়। ইয়াৰ পূৰ্ব্বে গদাপাণিয়ে এজনী পোহাৰী, এজনী গাৰোৱনী, এগৰাকী ব্রাহ্মণ, জখলা বন্ধা সত্ৰ আৰু নামৰূপৰ চান্দকুচীয়া বৰুৱাৰ ঘৰত আশ্রয় লব লগাত পৰে ।
বন্দৰ বৰফুকনে গদাপাণিৰ বিলাই-বিপত্তিৰ কথা শুনি সৈন্য দি সহায় কৰিবলৈ ওলাল । আৰু নিজে গদাপাণিক লগত লৈ সসৈন্যে উজনীলৈ যাত্ৰা কৰিলে। গড়গাঁৱৰ ৰাজধানীৰ কাষৰতে গদাপাণি আৰু লৰাৰজাৰ যুদ্ধ হয়। সেই যুদ্ধত লৰাৰজা পৰাস্ত হ'ল। উজনীৰ ডা-ডাঙ্গৰীয়া, বৰুৱা, ফুকন পাত্রমন্ত্ৰীসকলে গোট খাই গড়গাঁৱৰ বৰচ'ৰাতে ১৬০৩ শঁকৰ চত মাহত লাঙ্গি গদাপাণি কোঁৱৰক ৰজা পাতিলে । তেতিয়াৰে পৰা গদাপাণিৰ নাম গদাধৰ সিংহ হল ।
স্বৰ্গদেৱ গদাধৰ সিংহই চৈধ্য বছৰ কাল ৰাজ্য ভোগ কৰে । তেওঁৰ দিনত ৰাজ্যৰ সুখ সমৃদ্ধি বাঢ়িবলৈ ধৰে। গদাপাণিৰ মৃত্যুত লাই কোঁৱৰে ১৬১৭ শঁকত ৰুদ্ৰসিংহ নাম লৈ আহোম ৰাজ পাটত বহে।
মহাৰাজ ৰুদ্ৰসিংহ স্বৰ্গদেৱে সিংহাসনত উঠিয়েই পতিপ্রাণা সতী মাতৃ জয়মতীৰ নাম চিৰস্মৰণীয় কৰিবলৈ আয়োজন কৰিলে । যি ঠাইত সতী জয়মতীয়ে কুকুৰাচোৱা চাওদাঙ্গৰ হাতত নিৰ্য্যাতন ভোগ কৰে সেই ঠাইকে কেন্দ্ৰ কৰি ছ-কুৰি পুৰা মাটিৰ ওপৰত