চক্ৰান্ত কৰি ৰজা ইচ্ছামতে পাতিছে, ভাঙ্গিছে, আৰু বধিছে, আৰু সিংহাসনত বহা ৰজা কেগৰাকীক পুতলাৰ দৰে নচুৱাইছে । সৈন্য সামন্ত গোটাই ৰাজপাট হাতলৈ নানিলে দেশ ৰসাতললৈ যাব। গতিকে কুঁৱৰীক যেনে আছে তেনে অৱস্থাতে এৰি থৈ যোৱাহে ভাল।” এই দৰে গুণি-গাঠি দেৱতাক সাক্ষী কৰি গদাপাণিয়ে সেই ঠাই এৰি গুচি গল ।
জেৰেঙ্গা পথাৰ এৰি গদাপাণি আতৰি যোৱাৰ পাচত চাওদাংহতে আকৌ আগৰ দৰে শাস্তি দিবলৈ ধৰিলে। মুঠৰ ওপৰত এপষ ধৰি জয়মতীয়ে যন্ত্রণা ভুঞ্জিলে। লাহে লাহে আলসুৱা ৰজাৰ বোৱাৰীৰ পক্ষে এনে অমানুষিক অত্যাচাৰ অসহ্য হৈছিল। তেওঁৰ শৰীৰ ক্ষীণ হল, মুখৰ মাত বন্ধ হল, – অৱশেহত জ্বলন্ত সতীত্বৰ আৰু পতি-পৰায়ণতাৰ চানেকি জগতত থৈ কুঁৱৰীয়ে অনন্তধামলৈ প্ৰয়াণ কৰিলে। সেইদিনা চ'ত মাহৰ শুক্লপক্ষৰ একাদশী তিথি ৷
জয়মতীৰ মৃত্যুৰ পাচত লৰাৰজাৰ মতিভ্রম হল। ইমান চেষ্টা কৰিও তেওঁ গদাপাণিৰ সন্ধান উলিয়াব নোৱাৰিলে, তেওঁৰ সকলো চেষ্টা যত্ন নিষ্ফল কৰি পতিপ্রাণা জয়মতীয়ে ইহলীলা সম্বৰণ কৰিলে। লৰা ৰজাই ভাবিলে, এইবাৰ তেওঁৰ সৰ্ব্বনাশ ! তিৰীবধ পাতকৰ হেংদান অস্ত্ৰ তেওঁৰ মূৰৰ ওপৰত ওলমিব লাগিছে! সেই পাতকৰ কি পৰিণাম হয় তাক মাথোন ভগৱন্ত প্ৰভুৱে জানে !
লৰাৰজাই মতিভ্ৰম অৱস্থাত বহুত অকাৰ্য্য কৰিবলৈ ধৰিলে,