কাৰণে কুঁৱৰীয়ে এইদৰে নিকাব ভুঞ্জা দেখি তেওঁলোকে ধন্য ধন্য কৰিবলৈ ধৰিলে। আৰু ৰজা এনে নিষ্ঠুৰ হৈ অৱলা তিৰোতাক এই দৰে লটিঘটি কৰিছে তাৰ নিমিত্তে সকলোৱে ৰজাক ধিক্কাৰ দিবলৈ ধৰিলে। কিন্তু ফুটাই কোনো কথা কবলৈ, কিম্বা শাস্তি- ভুঞ্জি থকা জয়মতীক উদ্ধাৰ কৰিবলৈ কাৰো সাহে নুকুলালে । ৰজাৰ দণ্ডি, প্রজাই হকাবাধা দিবৰ কি অধিকাৰ ?
ৰজাৰ বোৱাৰীক দণ্ডভূমি জেৰেঙ্গা পথাৰলৈ নি নগুৰশাস্তি- কৰা হৈছে, তথাপি কুঁৱৰীয়ে ৰজাই সোধা স্বামীৰ সন্ধান কৈ দিয়া নাই—ইমুখে সিমুখে বাগৰি ৰাজ্যৰ চাৰিও পোনে এই বাতৰি ব্যাপি পৰিল । লাহে লাহে সেই কথা নগা-পৰ্ব্বতত থকা ছদ্মবেশী গদাপাণিৰ কাণত পৰিলগৈ। নিজৰ প্ৰাণৰ কুঁৱৰীয়ে এনে যন্ত্রণা ভুঞ্জিছে শুনি গদাপাণিয়ে সেই ছদ্মবেশেৰে জেৰেঙ্গা পথাৰ পালেহি আৰু নিজৰ সন্মুখতে লৰাৰজাৰ চাওদাংহঁতৰ হাতত জয়মতীয়ে অশেষ লাঞ্ছনা আৰু যন্ত্রণা ভুঞ্জি থকা দেখিলে । গদাপাণিৰ গাত ছদ্মবেশ, তাৰ উপৰি মুখত ডাঙ্গৰ দীঘল হোৱা ৰজাৰ কোঁৱৰে পৰ্ব্বতে-পাষাণে ঘূৰি ফুৰাত খীণাই শুকাই চিনিব নোৱাৰা হৈছিল। গদাপাণিয়ে দুবাৰকৈ জয়মতীক স্বামীৰ সন্ধান দিবলৈ । জয়মতী নিমাত, কিন্তু তেওঁ এইবাৰ স্বামীক চিনি পালে, আৰু ভাবিলে,— “যাবহন্তে মই এনে নিদাৰুণ যন্ত্রণালৈ কেৰেপ নকৰি অকাতৰে সহি আছো, তেওঁ এতিয়া নিজে আহি ধৰা দি সকলো সৰ্ব্বনাশস ঘটাব! তিৰুতাৰ জীৱন স্বামীৰ কৰাধীন, স্বামীৰ ভালৰ কাৰণে সেই জীৱন হানি হলেও তাকে হাঁহিমুখে বিসর্জ্জন দিব লাগে।