সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
জয়মতী কুঁৱৰী


কিন্তু সেই সুখত কালক্ৰমে শোকৰ সমাগম হল। ইয়াৰ মূল কাৰণ ৰজাৰ ৰাজধানীত হোৱা হুলস্থুল। সেই সময়ত ৰজাৰ ৰাজধানীত কেইবাটিও গা-নোম-শিয়ৰি-উঠা ঘটনা ঘটিছিল। ১৫৯২ শকৰ পৰা ১৬০১ শকলৈকে আহোম ৰাজপাটত দুজনা কোঁৱৰ উঠে। মন্ত্ৰীসকলে মন্ত্ৰণা-চক্ৰত পেলাই তাৰ চাৰিজন ৰজাক অকালতে বধ কৰে। এজনে মন্ত্ৰীসকলৰ হাতত প্ৰাণ সঁপিব লাগিব বুলি মনৰ বেজাৰতে আত্মঘাতী হয়; মাথোন এজনৰ হে স্বাভাবিকৰূপে মৰণ হয়। ৰাজধানীৰ এনে হুলস্থুলৰ কথা গদাপাণিয়ে সৰুৰেপৰা বৰ ভালকৈ জানিছিল। ৰজা নিস্তেজ হোৱা আৰু বিষয়াসকলৰ অঁৰিয়াঅৰি আৰু স্বাৰ্থপৰতা দেখি তেওঁৰ মনত সদায় অশান্তি। নিজে ৰাজ্যৰ গুৰি ধৰি টানমুখে অক্ৰোহী বিষয়াসকলক দমাই ৰাজ্যত কেনেকৈ সুশাসন থাপিব পাৰিব এই একেটি ভাব তেওঁৰ মনত প্ৰায়েই খেলাইছিল। চামগুৰীয় ফৈদৰ লৰা ৰজা সিংহাসনত উঠিয়েই ৰাজপাটলৈ যোগ্য যোগ্য কোঁৱৰ সকলৰ অঙ্গ ক্ষত কৰিবলৈ ৰাজ্যৰ চৌপাশে চৰিয়া, ৰিপুৱা, গুপ্তচৰ আদি, পঠিয়াবলৈ ধৰিলে। সেই সময়ত গদাপাণিৰ মনত বৰ আশঙ্কা সোমাল—কি জানিবা লৰাৰজাৰ নিষ্ঠুৰ চৰিয়াবিলাকৰ হাতত তেওঁৰ অঙ্গ ক্ষত বা প্ৰাণহত্যা হয়। সেইবাবে গদাপাণি কোঁৱৰে বৰ সাৱধানে ফুৰিব-চাকিবলৈ ধৰিলে। ৰজাৰ এটা দুটা গুপ্তচৰে তেওঁৰ কাষকে চাপিব নোৱাৰিছিল। লৰাৰজা অধিকতৰ সংশয়ী হল। ইয়াৰ বিশেষ কাৰণ আছিল যে তুংখুঙ্গীয়া ফৈদ ৰজা হব পৰা সকলো ফৈদতকৈ বেচি ক্ষমতাশালী আছিল।