সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়মতী কুঁৱৰী


 যি কেগৰাকী অসমীয়া তিৰোতাই সংসাৰত অক্ষয় কীৰ্ত্তি ৰাখি প্ৰমাণ কৰি গৈছে যে পতিভক্তি, তেজম্বিতা আৰু বলবীৰ্য্যত ভাৰতৰ কোনো জাতিৰ তিৰোতাতকৈ অসমীয়া তিৰোতা তলপৰা নহয়, তাৰ ভিতৰত জয়মতী কুঁৱৰীয়েই প্রধান।

 জয়মতী কুঁৱৰী লাইথেপেনা বৰগোঁহাই ডাঙ্গৰীয়াৰ জীয়েক আছিল । ১৫৮০ শকৰ বছৰচেৰেকৰ পূৰ্ব্বে তেওঁৰ জন্ম হয় । পিতৃমাতৃৰ ঘৰত থকাৰে পৰা জয়মতী বিচক্ষণ বুদ্ধিমতী আৰু গম্ভীৰ প্ৰকৃতিৰ ছোৱালী। উপযুক্ত বয়সত তুংখুঙ্গীয়া ফৈদৰ কোঁৱৰ মহাৰাজ গোবৰ ৰজাৰ পুতেক লাঙ্গি গদাপাণিৰ লগত জয়মতী কুঁৱৰীৰ বিয়া হয়। গদাপাণি এজনা বৰ বাহুবলী কোঁৱৰ আছিল। ইপোনে তেওঁৰ পত্নী জয়মতী ও এগৰাকী আদর্শ ঘৈণী আছিল। কোঁৱৰ যেনে চৰিত্ৰবান আৰু নিৰ্ভীক, কুঁৱৰীও এই দুই বিষয়ত অতুলনীয়া আছিল । এওঁলোকৰ শুভ-মিলনৰ ফলত লাই আৰু লেচাইৰ জন্ম হয়। লাই কোঁৱৰে পিচত দেউতাক স্বৰ্গীয় হোৱাত ৰাজপাটত বহে। লেচাই গোঁহাইদেৱে পাচলৈ নামৰূপীয়া মেলৰ অধিকাৰী হৈ ককায়েকক ৰাজকাৰ্য্যত সহায় কৰে ।

 গদাকোঁৱৰে মনৰ জোখাই পত্নী অৰু জয়মতী কুঁৱৰীয়ে মনৰ জোখাৰে স্বামী লাভ কৰি মুখেৰে জীৱন যাপন কৰিবলৈ ধৰিলে ৷