এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
তপশ্বিনী ৰাবিয়া
বিভ্ৰম কি তেওঁ নেজানিছিল।ঈশ্বৰৰ চৰণ চিন্তাত তেওঁৰ আত্মা,
হৃদয়, দেহ সকলো সমৰ্পণ কৰিছিল।
তেওঁ কয়, তোমালোকে যেনেকৈ পাপ গোপন কৰা তেনেকৈ সৎকাৰ্য কৰিও তাক গোপনে ৰাখিবা। হে প্ৰভু যিসকলে সুখৰ আশাত তোমাক পূজা কৰে তুমি যেন সিহঁতক জিৱন্তে দগ্ধ কৰা”। দেবী ৰাবিয়াৰ উপদেশ বিলাকৰ ভাব গধুৰ, তেওঁৰ নিগূঢ় ভগবৎ প্ৰেমৰপৰা ওলোৱা সেই বাক্যাৱলী আজিও মছলমান- সকলে শিৰৰ মণি বুলি সমাদৰ কৰে।
হিজৰী ১৮৫ বা ইংৰাছী ৮০১ খৃষ্টাব্দত দেবী ৰাবিয়াই ইহ সংসাৰ ত্যাগ কৰে। তেওঁৰ কবৰ জেকজেলেমৰ পূৰ্ব কোণে জবলতুতুৰ পৰ্বতত স্থাপিত। সেই ঠাই এতিয়া জগতৰ মুছলমান সম্প্ৰদায়ৰ তীৰ্থভূমি হৈছে। শত শত পাপ-তাপ-ক্লিষ্ট যাত্ৰী- বৃন্দই তপস্বিনী ৰাবিয়াৰ সমাধি প্ৰান্তত বহি আজিও শান্ত্বনামৃত পান কৰিব লাগিছে।