কোনোমতে পলাই আহিছোঁ। মোক এটোপা পানী দে।” শুনা মাত্ৰে ৰাবিয়াই ওচৰৰ নিজৰাৰ পৰা পানী আনিবলৈ গল। কিন্তু মৰুভূমিৰ নিজৰাত পানী পোৱা বৰ টান, সেইবাবে ৰাবিয়াৰ উভতি অহাত পলম হল । আহি দেখে পিতাকৰ প্রাণশূণ্য দেহ দুৱাৰ মুখত পৰি আছে! আকাশী চৰগ ভাগি পৰা মানুহৰ দৰে ৰাবিয়া কিছু পৰ নীৰব-নিচল হৈ থাকি পাচত পিতাকৰ শিৰ কোলাত তুলি চেতনাহীন শৰীৰৰ সৰ্ব্বাঙ্গত পানী ছটিয়াবলৈ ধৰিলে। ওচৰ চুবুৰীয়া, গাৱলীয়া মানুহৰ যত্ন আৰু সাহায্যত ৰাবিয়াই জীৱন ধাৰণ কৰিবলৈ ধৰিলে। তেওঁ লাহে লাহে যৌবন সীমাত উপনীত হল। কিন্তু দয়ালু ঈশ্বৰে অভাগিনী আশ্রয়হীনা ৰাবিয়াক একেবাৰে কুন্ধছ কৰি সৃষ্টি কৰিছিল। সেই দেখি পাপ-কলঙ্কিত জগতৰ প্রলোভন-জাল ৰাবিয়াৰ কাষ নেপালেগৈ ।
কিন্তু যাৰ কু অদৃষ্ট, তেওঁ সুখৰ মুখ কেতিয়াও নেদেখে। ৰাবিয়াই নিজহাতে পৰিশ্ৰম কৰি নিজৰ জীবিকা উলিয়াই পিতাকৰ তৈয়াৰী পজাত বাস কৰিছিল। এদিন বেদুইনে তেওঁকো ধৰি নি এজন ধনী মানুহক বেচি দিলেগৈ ৷ কৃষ্ণকায় কুন্ধছ দেখি ৰাবিয়াৰ ওপৰত গৃহস্থালিৰ বৰ কঠোৰ কামৰ ভাৰ পৰিছিল।
আৰব দেশীয় ধনী মানুহৰ ঘৰত নিতৌ সাহিত্যিক, কবি,দার্শনিক, হাকিম, বৈদ্য, জ্যোতিষীসকলৰ মজ্লীছ্ বহে। সেই-দৰে পণ্ডিত মণ্ডলীক সন্তুষ্ট কৰি ধনীসকলে গুণগ্রাহী ছমজ্দাৰ বুলি চিনাকী দিছিল। ৰাবিয়াৰ প্রভূৰ ঘৰতো এই দৰে নিতৌ পণ্ডিতসকলৰ বৈঠকী বহিছিল। আন আন দাসদাসীয়ে