কিন্তু আৰববাসী অতিথি-সৎকাৰৰ নিমিত্তে গোটেই পৃথিবীত জনাজাত । কোনো অতিথি আহি কাৰো ঘৰৰপৰা উভতি যোৱাৰ নিয়ম নাই। কোনো কোনোৱে ঘৰত আলহি-অতিথিব ভৰি ধুৱাবলৈ নেপায় মানে ভাতৰ পাতত নবহিছিল। তেনে মৰমিয়াল আৰবীয়ে অনাথিনী আজলী ৰাবিয়াৰ কোনো সংস্থান নকৰাকৈ নেথাকিল ;– তেওঁলোকে থিৰ কৰিলে, ৰাবিয়াই দিনে আহি এঘৰ এঘৰত অন্ন পাব। কাৰণ তেওঁলোকৰ অৱস্থা ইমান ভাল নাছিল। সেই দেখি সেই অতিথি-সৎকাৰৰ সম্মান তেওঁলোকে ভাগ বটাই লব লগাত পৰিছিল। কিন্তু ৰাবিয়াই বিনা পৰিশ্ৰমেৰে কাৰে৷ অন্ন নুছুইছিল। যিদিন যি ঘৰত অতিথি-সৎকাৰৰ পাল, সিদিনা সেই ঘৰত দিনৰে দিনটো ৰাবিয়াই কাম-বন কৰি দিছিল আৰু সন্ধ্যা হলে নিজৰ পজালৈ গৈ আশ্ৰয় লৈ পিতৃমাতৃৰ কথা সুৱঁৰি নীৰবে চকুলো টুকিছিল। কেতিয়াবা গাৱঁত কোনো কোনো তিৰোতাই ৰাবিয়াৰ লগত শুইছিল ।
ইফালে ইছমাইলৰ শৰীৰ নিৰ্ম্মম বেদুইনৰ অত্যাচাৰতম জৰ্জ্জৰিত হৈ পৰিছিল ; তাতোকৈ অনাথিনী জীয়েকৰ চিন্তাত বৃদ্ধৰ হৃদয় একেবাৰে ভাগি পৰিছিল। এদিনাখন দুপৰ নিশা সুবিধা পাই বুঢ়াই বেদুইনৰ হাতৰপৰা পলাই সাৰি জীয়েকক চাবলৈ লৰ মাৰিবলৈ ধৰিলে । কিন্তু ক'ত ডকাইতৰ বস্তি, আৰু বছোৰা নগৰীৰ মাজত ক'ত জলহীন জনপ্ৰাণীশূন্য মৰু প্ৰান্তৰ পৰি আছে। বুঢ়াই মনৰ উত্ৰাৱল অৱস্থাত তাৰ ঠিককে কৰিব নোৱাৰিলে । দিন নাই, ৰাতি নাই, বুঢ়াই বছোৰাৰ ফালে লৰিবই