আৰ্য্য সভ্যতাৰ গৌৰবভূমি, একেশ্বৰবাদী হজৰত মহম্মদৰ
কৰ্ম্মক্ষেত্ৰ, পৰিত্ৰ ইছলাম ধৰ্ম্মৰ জন্মপীঠ, আৰব দেশৰ মৰুপ্ৰান্তৰ
পীৰ, পয়গম্বৰ, দৰবেশ আৰু তাপসসকলৰ ভগবং প্ৰেমেৰে ৰসাল
নন্দনত পৰিণত হৈছে। তেওঁলোকৰ সাধনা, তেওঁলোকৰ স্বাৰ্থ-
ত্যাগ, তেওঁলোকৰ আত্মাৰপৰা ওলোৱা কোমল কৰুণ ভক্তিবাণীৰ
বাঙ্কাৰত সেই নীৰস মৰুভূমিও নিনাদিত হৈছিল। সাধকৰ কথাকে
নকওঁ, কত ব্ৰহ্মবাদিনী আৰব ৰমণীৰ ভগবৎ প্ৰেমে আজিও
ইছলাম ধৰ্ম্মাৱলম্বী সকলক শান্তিসুধা বিতৰণ কৰিছে।
খৃষ্টীয় অষ্টম শতিকাত আৰবদেশৰ বছোৰা নগৰীত তপস্বিনী ৰাবিয়াৰ জন্ম হয়। তেওঁ সৰুতে মাতৃহীন হোৱাত পিতাক ইছমাইলে তেওঁক নিজ হাতে তুলিতালি ডাঙৰ দীঘল কৰে। পিতাকৰ অৱস্থা একেবাৰে নিঃকিন আছিল, তেওঁৰ আত্মীয়-কুটম্বো কোনো নাছিল, যাৰ আশ্ৰয়ত ৰাবিয়াক দিনটোলৈ ৰাখি তেওঁ ঘৰৰ বাহিৰ হৈ দুপইচা উপাৰ্জ্জন কৰিব পাৰে। পিচত যেতিয়া কোনো মতে নচলাত পৰিল তেওঁ পুৱাতে, ৰুটি তৈয়াৰ কৰি দুয়ো খায়, আৰু ৰাবিয়াৰ হাতত খনচেৰেক ৰুটি দি এজনা প্ৰতিবেশিনীৰ হাতত জীয়েকক সমৰ্পণ কৰি আন ঠাইত কাম-বন কৰি জীবিকা উলিয়ায়। আজলী অকলশৰীয়া ৰাবিয়াই দিনটৌ পিতাক উভতি নহালৈ বাট চাই থাকে, আৰু ৰাতি হোৱা মাত্ৰকে পিতাকে উভতি আহি ৰাবিয়াক বুকুত বান্ধি দিনটোৰ পৰিশ্ৰমৰ জিৰণি লয়।