সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
অসমীয়া তিৰোতা


ৰাজ-আজ্ঞা শিৰোধাৰ্য্য কৰি পূজালৈ আহিল। তাতে ফুলেশ্বৰী বৰকুঁৱৰীৰ আদেশ মতে তেওঁলোকৰ কপালত সেন্দুৰ, ৰঙা চন্দন আৰু বলি কটা মহ-ছাগলীৰ তেজেৰে ফোঁট দিয়ায়, আৰু বলেৰে গোঁসানী সেৱা কৰোৱাই তেওঁলোকক নগুৰ শাস্তি কৰা হল। এই অপমান মহন্তসকলৰ অসহনীয় হল। বিশেষকৈ মোৱামৰীয়া মহন্তৰ অপমানত সদৌ মোৱামৰীয়া শিষ্য সম্প্ৰদায়ে প্ৰতিশোধৰ উপায় চিন্তিবলৈ ধৰিলে, আৰু ৰাজ্যত বিদ্ৰোহ তুলি দেশত উপদ্ৰৱ আৰম্ভ কৰিলে। শিৱসিংহ ৰজাৰ পাছতো প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহ ৰজাৰ দিনত মোৱামৰীয়াই উপদ্ৰৱ কৰি লণ্ডভণ্ড কৰে। তাৰ পাচত লক্ষৗসিংহ ৰজাৰ দিনত কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাৰ হাতত নকৈ অপমানিত হৈ মোৱামৰীয়াই প্ৰকাশ্যে বিদ্ৰোহ ঘোষণা কৰে। তেওঁলোকৰ সেনাপতি হল, — ৰাজ্য-ভাৰৰ পৰা বঞ্চিত হোৱা জয়মতীৰ নাতি আৰু শিৱসিংহৰ ভায়েক মোহনমালা গোঁহাইদেৰ। তেওঁৰ লগৰীয়া সেনাপতি আছিল ৰাঘমৰান আৰু নাহৰ খোৰা মৰাণ। এই নাহৰ মৰাণে ইয়াৰ পূৰ্বে ৰজাৰ বিষয়া কীৰ্তিচিন্দ্ৰ বৰবৰুৱাৰ হাতত সৰু দোষত চমটাৰ কোব খাইছিল। এই নাহৰ খোৰা মৰাণৰ দুগৰাকী ভাৰ্য্যা হৈছে অসমৰ জোৱান ডাৰ্ক ৰাধা আৰু ৰুক্মিণী। ৰংপুৰ ৰজাৰ নগৰৰ সমুখত মোৱামৰীয়া আৰু আহোমৰ তুমুল সংগ্ৰাম হয়। স্বামীয়ে পোৱা অপমানৰ পোতক তুলিবৰ কাৰণে ৰাধা আৰু ৰুক্মিণীয়ে ধেনু-কাড় লৈ স্বয়ং সেই ৰণত স্বামীৰ সৈতে যোগ দিলেগৈ। তেওঁলোকে অতি বিক্ৰমেৰে ৰণ কৰিছিল। প্ৰবাদ আছে বোলে এই দুই গৰাকী