সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চানেকি


ৰাজকাৰ্য চলায়। ফুলেশ্বৰী আইকুৱঁৰী শিক্ষাৰ বৰ অনুৰাগিণী আছিল। তেওঁ সৰ্বসাধাৰণৰ শিক্ষাৰ নিমিত্তে ৰংপুৰত এটি পঢ়াশালী পাতি দিয়ে, সেই পঢ়াশালী বহুত দিনলৈকে বৰ ৰজাৰ পঢ়াশালী বুলি খ্যাত আছিল। স্বামীৰ নাম চিৰস্মৰণীয় কৰিবৰ কাৰণে তেওঁ শিৱদৌল আৰু শিৱসাগৰ নিৰ্ম্মাণ কৰে। ফুলেশ্বৰীৰ মৃত্যুৰ পাছত তেওঁৰ ভনীয়েক দ্ৰৌপদীক শিৱসিংহ স্বৰ্গদেৱে বিয়া কৰাই মদাম্বিকা নাম দি মহাৰাণী 'পাতি সিংহাসনত বহুৱায়। তেওঁৰ মৃত্যুত ৰজাদেৱে সলাল গোহাঁইৰ জীয়েক অনাদৰীক বিয়া কৰাই তেওঁক সৰ্ব্বেশ্বৰী নাম দি আগৰ দুই ৰাণীৰ দৰে পাটমাদৈ বা মহাৰাণী পাতিলে। এই তিনি গৰাকী অসমীয়া মহাৰাণীয়ে অতি দক্ষতাৰে ৰাজকাৰ্য্য চলায় আৰু আৰু দেশৰ অনেক হিতকাৰ্য্য কৰি যায়। এই তিনি গৰাকী কুৱঁৰীয়ে নিজে চকু দি নিজৰ দিহামতে গৌৰী- সাগৰ দল আৰু পুখুৰী, কালু গাৱঁৰ দ'ল আৰু পুখুৰী, শিৱসাগৰ দ'ল আৰু পুখুৰী, আৰু কেৰি ৰাজমাওৰ দ'ল কৰায়। ফুলেশ্বৰী আৰু মদাম্বিকা কুঁৱৰী যে উচ্চবংশসম্ভূতা আছিল এনে নহয়, তথাপি তেওঁলোকৰ নিজ গুণৰ দ্বাৰা ডা— ডাঙ্গৰীয়া, বৰুৱা-ফুকন আৰু প্ৰা সকলোৰেপৰা মহাৰাজৰ মান-সম্ভ্ৰম পাইছিল, আৰু ৰজাৰ লগত মোহৰত তেওঁলোকৰ নাম মাৰোতে কোনেও একো ওজৰ-আপত্তি নকৰিছিল। দিল্লীৰ ৰেজিয়া বেগম, ইংলণ্ডৰ এলিজাবেথ আৰু মহাৰাণী ভিক্টোৰীয়াৰ দৰে এই তিনিজনা অসমীয়া মহাৰাণীয়ে ৰাজকাৰ্য্য চলোৱাত তিৰোতাৰ নিপুণতা দেখুৱাই