সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া তিৰোতা


নোখোজাত বৰগোহাঁই ডাঙৰীয়াই বিষম লাজ পাই কলে, “ৰাজ্যৰ নিমিত্তে মোৰ পোক দিলো, যক”। গাভৰুয়ে ত্যা পেতক কাষলৈ টানি নি কলে, “মোৰ পোক কোনে দিব পাৰে? দিখৌ নৈ বান্ধি ওভোটাই পঠিয়ালেহে মোৰ লৰাক কোচ ৰজালৈ দিব পাৰিব।” তাৰ পাচত ত্যাওপেতৰ সলনি স্বৰ্গদেৱে নিজৰ ভাই চুগাম কোঁৱৰক কোচ ৰজালৈ পঠিয়ালে। নাংবক্ল গাভৰুৱে নিজৰ সন্তানক এৰি নিদিয়াত কোনেও ভৎসা উচিত নহয় যে গাভৰু দেশৰ বৈৰী আছিল। তেওঁৰ ভাব আছিল, ৰজা আৰু ডাঙৰীয়া কোচৰ ৰণত নিজৰ বিক্ৰমৰ অভাৱত পৰাস্ত হৈছে। সেই পৰাজয়ৰ ক্ষতিপূৰণ কৰিবলৈ মাতৃৰ বুকুৰপৰা সন্তানক আঁতৰাই দেশান্তৰী কৰিবলৈ তেওঁলোকৰ কি অধিকাৰ আছে?

 জয়মতী কুঁৱৰী—জয়মতী কুৱঁৰীৰ কথা সকলোৱে জানে। লৰাৰজাৰ গুপ্তচৰৰ হাতত প্ৰাণৰ সংশয় আছে জানি গদাপাণি নিৰুদ্দেশ! এনে স্থলত ৰজাৰ চৰিয়াই আহি জয়মতীক ৰজাৰ বৰচ'ৰালৈ লৈ যায়। জয়মতীয়ে স্বামীৰ সন্ধান নোকোৱাত জেৰেঙ্গ৷ পথাৰত এপখ ধৰি তেওঁক যন্ত্ৰণা ভূঞ্জোৱা হয়। যাতনাত সতীয়ে নৰতনু ত্যাগ কৰিলে। ৰংপুৰৰ জয়দল আক জয়সাগৰে আজিও সতীৰ মাহাত্ম্য ঘোষণা কৰিছে।

 শিৱসিংহৰ কুঁৱৰী কেগৰাকী—সঙ্গী জয়- মতীৰ লগত শিৱসিংহ স্বৰ্গদেৱৰ ছত্ৰভঙ্গ যোগ হোৱাত ৰাজ- কাৰ্য্যৰপৰা তেওঁ অৱসৰ লয়।তেওঁৰ পাটমাদৈ ফুলেশ্বৰী কুৱঁৰীয়ে মহাৰাণী হৈ, প্ৰমথেশ্বৰী নাম ধৰি অতি সুখ্যাতিৰে