সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চানেকি


 নাংবক্ল গাভৰুখোৰা ৰজাৰ দিনত, দিহিঙ্গীয়া ৰজাৰ জীয়েক, স্বৰ্গদেৱৰ পেহীয়েক আৰু তখাম্ বৰ গোহাঁইৰ ভাৰ্যা নাংবক্ল গাভৰুৱে বৰ তেজস্বিতাৰ প্ৰমাণ দেখুৱাইছিল। কোচবেহাৰৰ নৰনাৰায়ণ ৰজাৰ কালত অসমৰ সৈতে কোচৰ দীঘলীয়া ৰণত অসমৰ ৰাজ-ভঁৰাল আৰু সেনাৰ বিস্তৰ ক্ষতি হল। এই দুই ৰজাৰ মাজত সন্ধিৰ প্ৰস্তাৱত ইয়াকে থিৰ কৰা হল যে অসমৰ ৰজাই কোচ ৰজালৈ অন্যান্য বস্তুৰে সৈতে পাচজনা কোৱঁৰক ওল বা সন্দেশ স্বৰূপে পঠিয়াব। তাৰ ভিতৰত নাংবৰ গাভৰুৰ পুতেক ত্যাওপতো বাচনিত পৰিল। কোচৰ লগত প্ৰকাৰান্তৰে পৰাস্ত হৈ আমাৰ স্বৰ্গদেৱে আৰু ডাঙৰীয়াসকলে এইদৰে কোৱ ৰসকলক আন দেশৰ ৰজাৰ চৰালৈ আজীৱন দেশৰ বাজ কৰি পঠিয়াব খুজিছে এই কথাত নাংবক্ল গাভৰু বৰ মৰ্ম্মাহ হল। তেওঁ ৰাজ্যৰালৈ গৈ ৰজাৰ আগত থিয় হৈ নিৰ্ভয়ে ৰজাক কবলৈ ধৰিলে, “মোৰ পোক ভাটী ৰাজ্যলৈ যাবলৈ দিম কিয়? কোচৰ সৈতে ৰণত যে তুমি হাৰিল৷ তুমিনো কিহৰ ৰজা?” আৰু নিজ-স্বামী তনথাম বৰ গোহাঁইৰ ফালে কটাক্ষ কৰি ক'লে, – “তুমিনো কিহৰ বৰ গোহাঁই! ভাল, তোমালোকে ৰণত হাৰিলা ম‍ই এড়ি যুজি চাও দিয়া। তোমা- লোকৰ টুপি, ছোলা কুনবিন্ কুনখা মোক দিয়া, কোচৰে সৈতে যুঁজ কৰোগৈ;মই তিৰোতা নে পুৰুষ তেতিয়া তাৰ চিন পাবা।” ত্যাওখাম্ বৰগোহাঁই ডাঙৰীয়াই নিজে সেই সন্ধিৰ প্ৰস্তাৱত মত দিছিল ।গাভৰুৱে পুতেকক কোচ ৰজাৰ তালৈ পঠিয়াব