সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া তিৰোতা


আহোম ৰাজঘৰত থাকি এই গৰাকী কুৱঁৰী বৰ পণ্ডিতা হৈ পৰে। তেওঁ ভৰিৰে আহোম আখৰ লিখিব পাৰিছিল। এদিন কুৱঁৰীয়ে ৰজাক ক'লে, “নগৰৰ চাৰিও মেৰে গড় হব লাগে, ভেহে ভাল।” এই কথাত ধৰি চুক্লেংমুং স্বৰ্গদেৱে গড়গাঁৱত গড় বান্ধি নতুন ৰাজধানীৰ নাম গড়গাঁও থলে। গড়গঞা ৰজাৰ আগৰ জনা স্বৰ্গদেৱ চুহুংমুঙ ৰজাৰ দিনত কনচেং গোহাঁইদেৱে তৃতীয় মন্ত্ৰীৰ বাব পায়, আগেয়ে মাথোন বৰগোহাঁই আৰু বুঢ়া গোহাঁই মন্ত্ৰী আছিল। ইয়াতে অন্যান্য বিষয়াবিলাক অসন্তুষ্ট হয়। কিন্তু পাচলৈ চাউটিং কুৱঁৰীয়ে গৰগঞা ৰজা আৰু বিষয়া সকলক এই- দৰে বুজালে, “আমাকনো দেৱে কি নিদিছে? দুটা ৰজাৰ উধানত সুবৰ্ণৰ খালি বহোৱা গৈছে, তিনিটাক লাগি শক্তিয়ে নুজুৰিছে নেকি?” কুঁৱৰীৰ এই যুক্তিত ৰজা আৰু মন্ত্ৰী সকলেও হয় তুলি তৃতীয় মন্ত্ৰীক বৰপাত্ৰ নাম দি ৰাজসভাত গ্ৰহণ কৰিলে।

 কবচ কাপোৰ — কবচ কাপোৰ নামে এবিধ ৰণুৱা কাপোৰ অসমত প্ৰচলিত আছিল। সেই কাপোৰ গাত লওঁতা জনক ৰণত কোনেও ঘটুৱাব নোৱাৰে। ওৰে ৰাতি কপাহ নেওঠি, পাঁজি কাৰ্টি ৰাতি নৌ পুৱাওঁতেই এই কাপোৰ উলিয়াব লাগে। তাহানি অসম ৰজাৰ লগত তুৰ্ব্বকৰ ৰণ লাগোঁতে ফাচেংমুং বৰগোঁহায়ে এই ৰণুৱা কাপোৰ পিন্ধি ৰণলৈ যাব নোৱাৰাত ৰণত পৰাৰ কথা বুৰঞ্জীত পোৱা যায়। তেওঁৰ মৃত্যুত তেওঁৰ গাভৰু হতীত উঠি ৰণ কৰি যুদ্ধত পৰিল। কোনো বুৰঞ্জীত এই সূত্ৰত কাকু বুঢ়াগোহাঁইৰ কথাহে আছে।