এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০০
চানেকি।
মদাম্বিকা ৰাণী—চন্দ্ৰকান্তৰ কুঁৱৰী। ৪০২৲ টকা পেঞ্চন। খৃঃ ১৮৩৯।
ৰূপন্ত—চন্দ্ৰকান্তৰ ভতিজী, ভকতৰাম গোঁহাইৰ ভাৰ্য্যা। ৪৲ টকা পেঞ্চন।
সোণেশ্বৰী- ডুমুৰীয়া ৰজা ভকতসিংহৰ ৰাণী। পেঞ্চন ২০ পুৰা মাটী, খৃঃ ১৮৪২।
ভোগদৈ ৰাণী—ৰামৰায় গাৰো ৰজাৰ পুতেক নয়নসিংহৰ ৰাণী। ২০ পুৰা মাটী পেঞ্চন, খৃঃ ১৮৯৪।
পদ্মৰেখা--চন্দ্ৰকান্তৰ পুতেক ঘনকান্ত যুৱৰাজৰ কুৱঁৰী।
মাহিন্দ্ৰী দেবী—ঘনকান্তৰ পুতেক কেশৱকান্ত যুৱৰাজ পত্নী।