এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
চৰিত পুথিত পোৱা
খেৰসূতী— সূৰ্য্যবৰৰ ভাৰ্য্যা আৰু কুশুম্বৰৰ মাতৃ।
সত্যসন্ধা — কুসুম্বৰৰ ভাৰ্য্যা আৰু মহাপুৰুষ শঙ্কৰদেৱৰ মাতৃ।
অনুধৃতি --কুসুম্বৰৰ অপৰ ভাৰ্য্যা।
সূৰ্য্যৱতী— শঙ্কৰদেৱৰ প্ৰথম ভাৰ্য্যা, মনুৰ মাক।
কালিন্দ্ৰী—কালিকা ভূঞাৰ কন্যা, শঙ্কৰদেৱৰ দ্বিতীয় ভাৰ্য্যা, আৰু ৰুক্মিণীৰ মাক।
মনোৰমা—মহোদৰ বৰাৰ পত্নী, আৰু মহাপুৰুষ মাধৱদেৱৰ মাতৃ।
উৰ্বশী –মাধৱদেৱৰ ভনীয়েক।
ভুবনেশ্বৰী -ৰামৰায়ৰ কন্যা, শঙ্কৰদেৱৰ ভতিজী, আৰু চিলা- ৰায় কোঁৱৰৰ পত্নী।
সুশীলা – সদানন্দ ব্ৰাহ্মণৰ কন্যা, আৰু মহাপুৰুষ দামোদৰ দেৱৰ ভাৰ্য্যা।
যমুনাদেবী—বংশীগোপাল দেৱৰ মাতৃ আৰু বলদেৱৰ ভাৰ্য্যা।
যশোমতী— বলদেৱৰ কন্যা, বংশীগোপাল দেৱৰ বায়েক, নাৰায়ণপুৰৰ লক্ষ্মীকান্ত দেৱৰ ভাৰ্য্যা, আৰু মহাপুৰুষ হৰিদেৱৰ মাতৃ।