সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৭
আহোম যুগ


 ৰঙ্গিলী – দুৱৰাৰ ঘৰৰ জীয়াৰী, এওঁক পোনতে চিংফৌব গাম - এজনাক দিয়া হৈছিল। তাৰ পাচত গামে বৰ্ম্মাৰ ৰজা বড়োয়া- ফ্ৰাক দান কৰে। এওঁৰ সহায়ত বদনচন্দ্ৰই অসমলৈ যান সৈন্য আনিব পাৰে।  পিজৌ গাভৰু—বদন চন্দ্ৰৰ কন্যা, আৰু পূৰ্ণানন্দ বুঢ়াগোঁহাইৰ পুতেক ওষোনাথ ঢেকিয়াল ফুকনৰ ভাৰ্য্যা। হেমো আইদেউ—বগা কোঁৱৰৰ জীয়েক, প্ৰথমবাৰ মানৰ আক্ৰমণৰ সন্ধিসূত্ৰত এওঁক মান ৰজালৈ দিয়া হয়।

 ৰাধা—আগৰ নাম ভাতুকী। নাহৰ খোৰা মৰানৰ ভাৰ্য্যা, এওঁৰ দুই পুতেক,—ৰমাকান্ত ৰজা আৰু ৰাঘৱ বৰবৰুৱা।

 ৰুক্মিণী—আগৰ নাম ভাকুনী। নাহৰ খোৰা মৰাণৰ ভাৰ্য্য॥

  নুমলী ৰাজমাও—— কদমদীঘলাৰ ভাৰ্য্যা, আৰু স্বৰ্গদেৱ চন্দ্ৰ- কান্ত সিংহ আৰু কামেশ্বৰ সিংহৰ মাক।

 পদ্মাৱতী—চন্দ্ৰকান্ত স্বৰ্গদেৱৰ কুঁৱৰী।

 উমাৱতী—পুৰন্দৰ সিংহৰ মাতৃ। এওঁ বৃটিছ গবৰ্ণমেণ্টৰ পৰা ৮০ টকা পেঞ্চন পাইছিল।

 ৰাধাকান্তি—প্ৰতাপবল্লভ বৰফুকনৰ ভাৰ্য্যা। এওঁ বৃটিছ ” গবৰ্ণমেণ্টৰ পৰা মাহে ১৫ টকাকৈ বৃত্তি পাইছিল।