সমললৈ যাওক

পৃষ্ঠা:চানেকি.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

আহোম যুগ


  সাধনী—চুটীয়াৰ ধৰ্ম্মধ্বজপালৰ সাধি সাধি পোৱা কন্যা, আৰু নীতি পালৰ মহিষী।

  নাংবক্ল গাভৰু- চুখানফা খোৱা ৰজাৰ পেহীয়েক, আৰু তমখাম বৰগোঁহাই ৰাজমন্ত্ৰীৰ ভাৰ্য্যা, আৰু কোচলৈ দিব খোজা তাওপেটৰ মাক।

  চাওচিং গাভৰু-নৰা ৰজাৰ কন্যা, আৰু চুক্লেনমুং গঁড়গঞা ৰজাৰ পণ্ডিতা মহিষী।

  আকৰী গাভৰু –“মাছৰিয়াল লাইথেপেনা বৰগোঁহাইৰ পুতেক ভগাজনা সলাল বৰগোঁহাইৰ জীয়েক আৰুৰী গাভৰুক কালুগঞা বৰপাত্ৰৰে নিছিল। তেওঁকে আনি মহাৰাজ শিৱসিংহই বৰ কুঁৱৰী পাতিলে, ১৬৬১ শকত।”— হাতে লিখা অসম বুৰঞ্জী।

  ৰত্নকান্তি— শিৱসিংহ স্বৰ্গদেৱৰ মহিষী।

  ফুলেশ্বৰী বা প্ৰমথেশ্বৰী — শিৱসিংহৰ মহিষী।

  মদাম্বিকা বা দ্ৰৌপদী—শিৱসিংহৰ মহিষী।

  সৰ্ব্বেশ্বৰী বা অনাদৰী – শিৱসিংহৰ মহিষী।

  কুৰঙ্গনয়নী— মণিপুৰৰ ৰজা জয়সিংহৰ কন্যা, আৰু ৰাজেশ্বৰ সিংহৰ মহিষী।

  ৰূপৱতী-ৰাজেশ্বৰ সিংহৰ মহিষী।

  ভুবনেশ্বৰী ৰাজেশ্বৰ সিংহৰ মহিষী।

  গৌৰী ৰাজেশ্বৰসিংহৰ নাতি ভূধৰ গোঁহাইৰ মাহীমাক।