জীৱদা— প্ৰাগজ্যোতিষাধিপতি প্ৰলস্তৰ মহিষী আৰু হুজুৰ
বৰ্ম্মণৰ মাতৃ।
তাৰা-হৰ্জৰ বৰ্ম্মণৰ মহিষী আৰু বনমালদেৱৰ মাতৃ।
প্ৰতাপদেবী—কামৰূপেশ্বৰ বৈদ্যদেৱৰ মাতৃ আৰু বোধি দেৱৰ মহিষী।
ৰূপবতী — ভীষ্মক ৰজাৰ ৰংশৰ বীৰপালৰ ভাৰ্য্যা।
অৱন্তী—হৰগৌৰীবিলাস পুথিমতে আৰিমত্তৰ কথা, আৰু বৰদুৱাৰৰ অধিশ্বৰী।
জয়ন্তী -- আমিত্তৰ কণ্যা, আৰু জয়ন্তা ৰাজ্যৰ অধিশ্বৰী।
ধৰ্ম্মৱতী — আৰিমত্তৰ কণ্যা, সূৰ্য্যৰ ভাৰ্য্যা আৰু পিতৃৰাজ্যৰ অধিশ্বৰী।
ধনীৰাণী- ধৰ্ম্মৱতীৰ কন্যা, ম্লেচ্ছ-বিজয়িত্ৰী। ৰাণী ৰাজ্যৰ প্ৰতিষ্ঠাত্ৰী। চন্দ্ৰৰ ভাৰ্য্যা, মানসিংহৰ মাক।
ধনেশ্বৰী — মানসিংহৰ বংশধৰ ধনসিংহৰ কন্যা, আৰু বিষ্ণু বৰুৱাৰ ভাৰ্য্যা, ৰাণী-অধিপতি ৰূপসিংহৰ মাক।
সুনীতি—ৰূপসিংহৰ মহিষী আৰু ৰাণীশ্বৰ ৰামসিংহ বা “নেধি ৰজাৰ” মাতৃ।
সঁফুৰা- গৌৰীনাথ সিংহ স্বৰ্গদেৱৰ মিত্ৰ ৰাণীৰাজ ধৰ্ম্মসিংহৰ নগা মহিষী।