যজ্ঞৱতী—মহেন্দ্ৰ বৰ্ম্মাৰ মাতৃ আৰু গণপতি বৰ্ম্মাৰ মহিষী।
গন্ধৰ্বৱৰ্তী—গণপতি বৰ্ম্মাৰ মাতৃ আৰু কল্যাণ বৰ্ম্মাৰ মহিষী।
ৰত্নৱতী—কল্যাণ বৰ্ম্মাৰ মাতৃ আৰু বলবৰ্ম্মাৰ মহিষী।
দত্তদেবী— বল বৰ্ম্মাৰ মাতৃ আৰু সমুদ্ৰ বৰ্ম্মাৰ মহিষী।
দুৰ্ল্লভা—কামৰূপেশ্বৰ পুৰন্দৰ পালৰ মহিষী আৰু ইন্দ্ৰপালৰ
কুলদেবী—কামৰূপেশ্বৰ ব্ৰহ্ম পাল-বৰ্ম্মদেৱৰ ভাৰ্য্যা আৰু ৰত্ন পালৰ মাতৃ।
শ্যাময়িকা—দেবদত্ত ব্ৰাহ্মণৰ ভাৰ্য্যা বা সদ্গঙ্গাদত্তৰ ভাৰ্য্যা। শ্যাময়িকাৰ পুত্ৰ বীৰদত্ত ব্ৰাহ্মণক ৰত্ন পাল ৰজাই তামৰ ফলি কৰি মাটী দান কৰিছিল।
ছেপ্লায়িকা – বসুদেৱ ব্ৰাহ্মণৰ ভাৰ্য্যা আৰু কামদেৱৰ মাতৃ। কামদেৱক ৰত্নপাল ৰজাই মাটি— বৃত্তি দান কৰে।
সৌখ্যায়িকা—হৰিপাল যজুৰ্ব্বেদী ব্ৰাহ্মণৰ পুত্ৰ শৰৰ পালৰ ভাৰ্য্যা। সৌখ্যায়িকাৰ পুতেক দেশপালে কামৰূপেশ্বৰৰ পৰা মাটী বৃত্তি পায়।
নয়না—কামৰূপৰ ৰজা ধৰ্ম্মপালৰ পিতৃ হৰ্ষপাল। হৰ্ষপালৰ মাতৃ নয়নাদেবী আৰু পিতৃ গোপাল।
বনমালা – ধৰ্ম্মপাল ৰজাৰ মহিযী।
মীনাৱতী — ধৰ্ম্মপালৰ খুলশালীয়েক, বনমালাৰ ভণীয়েক আৰু গোপীচন্দ্ৰ কোঁৱৰ মাক।
অম্বা—বীৰবাহু ৰজাৰ মহিযী আৰু বলবৰ্ম্মদেৱৰ মাতৃ।