পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
আমাৰ মা হিৰন্ময়ী দেৱী সম্পৰ্কে দুআষাৰ

অন্তদ্বন্দ্ব, ক্ষোভ, সংঘাট, শূন্যতা, বেদনাবোধৰ তীব্ৰতা আৰু তিক্ততা অনস্বীকাৰ্যভাৱে প্ৰকট হ'লেও কবিয়ত্ৰীগৰাকীয়ে ক'তো এনেবোৰ অক্ষমতাৰ ওচৰত আত্মসমপৰ্ণ কৰা নাই। বাস্তৱ অভিজ্ঞতাৰ ৰূঢ়তাই বহু সময়ত শাশ্বত ধ্ৰুব প্ৰমূল্যসমূহৰ প্ৰতি অধিক কঠোৰ আৰু ক্ষমাহীন কৰি তুলিছে যদিও তেওঁ বাৰে বাৰে এইবিলাক অতিক্ৰম কৰি মানুহৰ মহত্ব প্ৰতিষ্ঠাৰ সম্ভাৱনাৰ প্ৰতি হাত বাউল দিছে, নাৰীসুলভ আবেগ-অনুভূতিপ্ৰৱণ দুৰ্বলতাৰ বশৱৰ্তী হৈ পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতিকূলে মানৱসৰ্ভাৰ অগ্ৰগতিত আস্থা হেৰুওৱা নাই। আধুনিক হ'লেও হিৰন্ময়ী দেৱীয়ে 'শৰণীয়া শিখৰত অৱবদ্ধ দেৱতা', 'আলোকৰ অভিযাত্ৰী (মৈত্ৰেয়ী)ৰ বিদায়ী স্বামী', 'মাডাৰ টেৰেছা', ‘হেম বৰুৱা', 'ব্ৰজেন বৰুৱা', 'শ্বহীদ নৰেণ মহন্ত', 'অপহৰণকাৰীৰ বলি শিশু সঞ্জয়’ আদিৰ পৰা মানৱীয় প্ৰেৰণা আহৰণ কৰি সমস্যা-সংকুল জীৱনৰ পৰা প্ৰজ্ঞা-প্ৰোজ্জ্বল জীৱনলৈ উত্তৰণৰ পাথেয় বিচাৰিছে। মহিলা কবি হোৱা সত্ত্বেও হিৰন্ময়ীৰ কবিতাত যি এটা দৃঢ়তাব্যঞ্জক বলিষ্ঠ আশাবাদ আৰু আদৰ্শবাদৰ পৰিচয় পোৱা যায় সেইটো অসমীয়া মহিলা কবিৰ কবিতাত দুলৰ্ভ বুলি ক'লেও বঢ়াই কোৱা নহয়। দুৰ্বোধ্যতা বা চিত্ৰকল্প-বহুলতাক আধুনিক কবিতাৰ দুৰ্লক্ষণ বুলি বিবেচনা কৰিলে হিৰন্ময়ীৰ আধুনিক কবিতা এই দুয়োটাৰে পৰা সন্তোষজনকভাৱে মুক্ত। সেইবুলি তেওঁৰ কবিতা বিবৃতিমূলক নহয়, তথাকথিত পদ্যও নহয়। 'মাটিৰ চাকিৰ শিখা'ৰ কবিতাত আত্মাৰ আলোড়নৰ সম্ভেদ আছে, আৰু আছে আৱিষ্কাৰৰ জৰিয়তে অক্তিত্বৰ মূল অন্বেষণৰ তিতিক্ষা।

 শ্ৰীহিৰন্ময়ী দেৱীৰ কবিতাৰ ভাষাৰ অলংকাৰবিহীন অথচ সুন্দৰ ঝঙ্কাৰ আৰু সুমধুৰ লয় মাটিৰ চাকিৰ শিখাৰ আন এটি উল্লেখনীয় বৈশিষ্ট্য। প্ৰায়বিলাক কবিতাতে তেওঁৰ ওখ ভাৱৰাশিয়ে হৃদয়গ্ৰাহী শ্ৰৱণীয় ভাষা বিচাৰি পাইছে।....”

 শিশুসকলৰ বাবে মায়ে লিখা 'আখৰৰ আখৈ লাৰু'ৰ (প্ৰকাশ ১৯৯৫) “প্ৰীতিভাষ'ত স্বৰ্গীয় নৱকান্ত বৰুৱাদেৱে লিখিছিল—

“শ্ৰীমতী হিবায়ী দেৱী শিক্ষয়িত্ৰী আছিল সঁচা, কিন্তু তেওঁ এগৰাকী মাকো আছিল আৰু আইতাও হৈছে। ল'ৰা-ছোৱালীৰ মন তেওঁ পাইছে।