পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
আমাৰ মা হিৰন্ময়ী দেৱী সম্পৰ্কে দুআষাৰ

পৰা বৰ বেছি দূৰ নোহোৱা বাবে সদায় খোজ কাঢ়িয়েই অহা-যোৱা কৰিছিল।

 টকা-পইচা খৰচৰ ক্ষেত্ৰত মা আছিল অত্যন্ত হিচাপী। গোটেই দিনটো কাম-বন, স্কুল কৰিও শোৱাৰ আগত এখন দীঘলীয়া হিচাপৰ বহীত দিনটোৰ খৰচ লিখাটো আছিল মাৰ এক অভ্যাস। নিজৰ বাবে একান্তই প্ৰয়োজন নহ'লে একো লোৱা দেখা নাপালো কেতিয়াও৷ সাধাৰণতে নাৰীৰ প্ৰিয় প্ৰসাধন সামগ্ৰীও মাক ব্যৱহাৰ কৰা কেতিয়াও নেদেখিলো। আজি পঞ্চাশোৰ্ধ্ব বয়সত অতীত ৰোমন্থন কৰাত মনত পৰিছে মায়ে কিমান ত্যাগ কৰিছিল, বুজি পাইছো কিয় প্ৰত্যেকটো টকাৰ হিচাপ ৰাখিছিল। নহ'লে মা-দেউতাই সততাৰে অৰ্জা সীমিত ধনেৰে হয়তো ছয়টা ল'ৰা-ছোৱালীক পঢ়াই-শুনাই ভৰণ-পোষণ দিয়া টান হ'লহেঁতেন, কাৰণ এটা সময়ত ডাঙৰ দাদা ডাঃ ৰাজীৱ কুমাৰ শৰ্মাই ডিব্ৰুগড় মেডিকেল কলেজত আৰু সৰু বাইদেউ ডাঃ নিলীমা দেৱীয়ে গুৱাহাটী মেডিকেল কলেজত একে সময়তে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আৰু আন এজন দাদা কল্যাণ কুমাৰ শৰ্মা অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়নৰত হৈ আছিল আৰু তুলনামূলকভাৱে বি.এ., এম.এ. পঢ়াতকৈ ই খৰচী আছিল।

 আমাৰ ককাহঁতৰ ৰিহাবাৰীস্থিত ঘৰলৈ যোৱাৰ মাৰ সংগী আছিলো প্ৰায়েই মই। আগতে দাদা-বাইদেউহঁত গৈছিল যদিও পিছলৈ পঢ়া-শুনাৰ বোজা বঢ়াত কনিষ্ঠ সন্তান হিচাপে প্ৰায়েই মোকেই লগত লৈ গৈছিল। ৰিক্সাত যাম বুলি ক'লে মায়ে প্ৰায়েই অলপ আগত গৈ ল'ম বুলি খোজ কঢ়ায়েই ৰিহাবাৰী পোৱাইছিল। অৱশ্যে দুই-এদিন ৰিক্সাত নুঠোৱা বুলিলে মিছা কোৱা হ'ব। বুজা হোৱাৰ পৰা গম পোৱা হ'লো যে মায়ে তেনে কৰাৰ মুখ্য উদ্দেশ্য—দুপইছা ৰাহি কৰাৰ লগতে খোজ কঢ়াৰ এক অভ্যাস গঢ়ি তোলা।

 আমাৰ দেউতাৰ গাঁৱৰ ঘৰখনৰ লগতো মায়ে অতি সুসম্পৰ্ক বৰ্তাই চলিছিল। দেউতাহঁতৰ তিনিজন ভাই-ককাইৰ মাজত দেউতা আছিল মাজু, সকলোৰে 'মাজু পিতি’। বৰদেউতা, খুড়াহঁত আহিলে মায়ে তেখেতসকলক গাঁৱৰ নিয়ম মতেই আপ্যায়িত কৰিছিল। ভাত দিয়াৰ