দিম বুলি মন স্থিৰ কৰিছিলো। পৰীক্ষালৈ তেতিয়া তিনি-চাৰিমাহমান সময় আছে। ভাগ্য ভাল, তেৱন্ন চনত পৰীক্ষা দিম বুলি কৰা প্ৰস্তুতিয়ে পিছৰ বছৰ মোক যথেষ্ট সহায় কৰিলে। পৰীক্ষাৰ দিনকেইটা ৰিহাবাৰীৰ পিতৃগৃহত আশ্ৰয় ল’লোগৈ। আইতাকৰ হাতত ল'ৰা-ছোৱালী দুটি গতাই দি নিশ্চিন্তমনে পৰীক্ষা দিবলৈ গৈছিলো।
পৰীক্ষাৰ খবৰ ওলোৱাত গম পালো, মই ডিষ্টিংচন লৈ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হৈছে। বহুদিনৰ পৰা বুকুৰ মাজত সাঁচি থোৱা সংস্কৃত- সাহিত্যত এম.এ. পঢ়াৰ সপোনটো একাষৰীয়া কৰি থৈ স্কুল এখনত শিক্ষয়িত্ৰী হিচাপে সোমাই লোৱাৰ কথা চিন্তা কৰিলো। ভাবিছিলো, শিক্ষানুষ্ঠান এখনত জড়িত হৈ থাকিলে হয়তো ভৱিষ্যতে এম.এ. পঢ়াৰ সুবিধা ওলাবও পাৰে। ইতিমধ্যে গুৱাহাটীত পাণবজাৰ ছোৱালী হাইস্কুলৰ পিছত পূব গুৱাহাটী অঞ্চলত দ্বিতীয়খন ছোৱালী হাইস্কুলৰ আৰম্ভণি হৈছিল। পোনতে দুবছৰমান স্কুলখন অস্থায়ীভাৱে অ'ত-ত'ত চলোৱাৰ পিছত গুৱাহাটীৰে এগৰাকী মহিলাই স্বামীৰ স্মৃতিৰক্ষাৰ্থে আগবঢ়োৱা দানৰ টকাৰে স্থায়ী ঘৰ-মাটিৰ ব্যৱস্থা হোৱাত দাত্ৰীগৰাকীৰ স্বামীৰ নামেৰে তাৰিণী চৌধুৰী ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় গঢ় লৈ উঠিছিল। সেইখন স্কুলত ওপৰ শ্ৰেণীত ইংৰাজী আৰু সংস্কৃত পঢ়ুৱাৰ বাবে শিক্ষয়িত্ৰী বিচৰা বুলি গম পাই আবেদন-পত্ৰ পঠিয়ালো; সৌভাগ্যবশতঃ চাকৰিটো ময়ে পালো।
১৯৫৫ চনত মোৰ তৃতীয় সন্তানটিৰ জন্ম হৈছিল। সমস্যা হ’ল ল'ৰা-ছোৱালী কাৰ হাতত থৈ কামলৈ ওলাই যাওঁ? ১৯৫৬ চনত মোৰ শিক্ষয়িত্ৰী জীৱন আৰম্ভ হৈছিল। পোনতে গাঁৱৰ পিনে বিচাৰ-খোচাৰ কৰি দুবাৰ দুগৰাকী বয়সস্থ মহিলা আনি আত্মীয়ৰ দৰে নিজৰ লগতে ৰাখি কেঁচুৱা গটাই দি স্কুললৈ গৈছিলো; পিছলৈ অৱশ্যে সেই কামৰ বাবে কিছুসংখ্যক বঙালী আৰু বিহাৰী মহিলা ওলাই অহাত সমস্যাৰ সমাধান হ’ল। ১৯৫৯ চনত স্কুলৰ তৰফৰ পৰাই দৰমহাসহ ছুটী দি মোক গুৱাহাটী বিশ্ববিদ্যালয়ত বি.টি. পঢ়িবলৈ পঠোৱা হৈছিল। ১৯৬০ চনত প্ৰশিক্ষণৰ অন্তত বি.টি. ডিগ্ৰী লৈ স্কুললৈ উভতি আহিলো।