পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যুৱতীলৈ কিছু তথ্যৰ যোগান ধৰা যি তথ্যই হয়তো তেওঁলোকক ভৱিষ্যতে এটা কৰ্মসংস্থান পোৱাত সহায় কৰিব পাৰে আৰু দুই-এজন মানুহৰ বিষয়ে জনোৱা যিসকলৰ জীৱন তথা কৰ্মই তেওঁলোকক উৎসাহিত কৰিব পাৰে। অৰ্থাৎ আমাৰ মুখ্য উদ্দেশ্য দুটা হৈছে—

 ক) কৰ্মসংস্থাপন সম্পৰ্কীয় তথ্যৰ যোগান আৰু

 খ) দুই-এজন মানুহৰ বিষয়ে কিছু উৎসাহজনক কথা দাঙি ধৰা।

 কিতাপখনত সন্নিৱিষ্ট প্ৰবন্ধকেইটাৰ বেছিকেইটাই ইতিপূৰ্বে কোনো কাকতত প্ৰকাশ হোৱা। লিখাৰ সময় বেলেগ বেলেগ হোৱাত কেতিয়াবা কোনো প্ৰবন্ধৰ কথা আন প্ৰবন্ধত পুনৰাবৃত্তি হৈছে। পাঠকে যেন নিজ গুণে ক্ষমা কৰি দিয়ে। তদুপৰি প্ৰবন্ধকেইটা যোৱা চাৰি-পাঁচ বছৰৰ ভিতৰত লিখা। সেয়ে এইবোৰত উল্লিখিত তথ্যসমূহ বৰ্তমান অলপ অচৰপ বদলি হ'ব পাৰে। ইণ্টাৰনেটৰপৰা বৰ্তমানৰ তথ্যসমূহ চাই ল’ব পাৰে।

 কিতাপখনৰ বিভিন্ন ঠাইত আৰু বিশেষকৈ শেষ অংশত ছাত্ৰ- ছাত্ৰীৰ সুবিধা হোৱাকৈ বিভিন্ন তথ্যৰ যোগান ধৰা হৈছে। এই সকলোবোৰ তথ্য ইন্টাৰনেটত উপলব্ধ হয় যদিও ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে একগোট কৰি কিতাপখনত দিয়া হ'ল।

 কিতাপখন প্ৰকাশ কৰিবলৈ উৎসাহ যোগোৱা বাবে শৰাইঘাট ফটো টাইপছ প্ৰা. লি.ৰ সঞ্চালক যোগেশ শৰ্মা তথা সেই অনুষ্ঠানতে বিভিন্ন পদবীত কাম কৰি থকা তপন গোস্বামী, প্ৰশান্ত বৰঠাকুৰ, মৃন্ময় শৰ্মা, আব্দুল হান্নান, হেমন্ত ডেকাকে আদি কৰি সকলোলৈ ধন্যবাদ জনালোঁ।

 কিতাপখন প্ৰকাশ কৰিবলৈ উৎসাহেৰে গা পাতি লোৱাৰ বাবে প্ৰদীপ কুমাৰ ডুবেলৈও কৃতজ্ঞতা প্ৰকাশ কৰিলোঁ। ডিটিপি তথা মুদ্ৰণৰ কাম সুচাৰুৰূপে সমাধা কৰি দিয়া শৰাইঘাট ফটো টাইপছ প্ৰা.লি.ৰ সমূহ কৰ্মচাৰীলৈ মোৰ পিনৰ পৰা ধন্যবাদ জনালোঁ।

০১-১১-২০১৯

হেমন্ত শৰ্মা

Email : nsarmah@hotmail.com