পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লেখকৰ দুআষাৰ

 ‘লেখকৰ দুআষাৰ’ জাতীয় কিবা লিখিব লাগিব বুলি কেতিয়াও ভবা নাছিলোঁ। অৱশ্যে জীৱনত সকলাে কামেই ভবা ধৰণে হয় বুলি কোনেও ক'ব নােৱাৰে নহ'লে।

ভবা কথা নহয় সিদ্ধি
বাটত আছে কণা বিধি।

জাতীয় প্রবচনৰ উৎপত্তিয়েই হয়তাে নহ'লহেঁতেন।

 কেতিয়াও নভবাকৈ প্রবন্ধ লিখাৰ কামত জড়িত হৈ পৰিলোঁ।

 আমাৰ মা শ্ৰীযুতা হিৰন্ময়ী দেৱীয়ে লিখা তথা ইতিপূর্বে প্রকাশিত কিতাপসমূহ আৰু অপ্রকাশিত কেইখনমান কিতাপৰ পাণ্ডুলিপি গােটাই আমি ২০১৫ চনত ‘হিৰন্ময়ী দেৱী ৰচনা সমগ্র’ প্রকাশ কৰিছিলোঁ সম্পাদক হিচাপে।

 কিতাপখনৰ কাম মােটামুটি শেষ হােৱাৰ সময়ত মায়ে ক'লে, ‘সম্পাদক হিচাপে কিবা এটা লিখ।’ মাৰ আদেশ মানি লিখিলোঁ আৰু সেয়াই অসমীয়াত কিবা এটা লিখাৰ আৰম্ভণি।

 মই লিখাখিনি পঢ়ি মায়ে ক'লে, ‘ভালেই লিখিছ দেখােন, মাজে মাজে লিখি থাকিবি।' ৰচনা সমগ্র পঢ়া অন্য দুই-একেও ক’লে আপােনাৰ লিখাখিনি ভাল হৈছে। উৎসাহ পালোঁ, আৰু সেই উৎসাহতে মাজে মাজে মনৰ মাজত ডােলা দি থকা কথাবােৰ প্রবন্ধ আকাৰে লিখি দুই-এক কাকতলৈ পঠোৱা কৰিলোঁ। প্ৰথম প্ৰবন্ধটো প্রকাশ পালে দৈনিক অসমত। নামটো আছিল ‘নিবনুৱাৰ মর্মবেদনা’। দুই-চাৰিজনে আকৌ ফোন কৰি প্রশংসা কৰিলে। তেতিয়াৰ পৰা ছেগাছোৰােকাকৈ কেইটামান প্রবন্ধ প্রকাশ হােৱাৰ পিছত দুই-চাৰিজন শুভাকাংক্ষীয়ে ক'বলৈ আৰম্ভ কৰিলে—প্রকাশ হােৱাখিনিৰে এখন কিতাপ ছপাই পেলােৱা। তাৰেই ফলশ্রুতি এই কিতাপ।

 কিতাপখনত কোনােবাই যদি সাহিত্যৰ ৰস বিচাৰে, তেন্তে সেই পাঠক এশ শতাংশই বিমুখ হ’ব—কাৰণ আমি সাহিত্যিকো নহয় আৰু সাহিত্য সৃষ্টি আমাৰ উদ্দেশ্যও নহয়। আমাৰ উদ্দেশ্য নতুন প্রজন্মৰ যুৱক-