পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
মানৱ সম্পদৰ অপচয় ৰোধ

‘দুৰ্বল’ বুলি চিহ্নিত কৰাসকলৰ বাবে যদি একো কৰা নহয় তেন্তে আমাৰ ধাৰণা—দেশে কেতিয়াও আগুৱাব আৰু সামাজিক সমস্যাসমূহৰো কোনো সমাধান নহয়।

 আমাৰ চিন্তাই ঢুকি পোৱা এক সমাধান হৈছে আই. টি. আই. (ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইন্সিটিটিউট) সমূহৰ সম্পূৰ্ণ আধুনিকীকৰণ তথা সবলীকৰণ—আমাৰ বৰ্তমান চলি। থকা আই. টি. আই., পলিটেকনিকসমূহৰ অৱস্থা বৰ ভাল বুলি মনে নধৰে। চৰকাৰে যদি ঠায়ে ঠায়ে এনে নতুন অনুষ্ঠান খোলে আৰু ন-পুৰণি এনে অনুষ্ঠানবোৰৰ আধুনিকীকৰণ কৰে তেন্তে আমাৰ মনে কয় যে আমি এইসকল ছাত্ৰ- ছাত্ৰীৰ বাবে কিবা এটা কৰা হ'ব। এনে শিক্ষানুষ্ঠানবোৰত চৰকাৰে প্ৰৱৰ্তন কৰিব পৰা কিছুমান ততাতৈয়াকৈ মনলৈ অহা পাঠ্যক্ৰম তলত উল্লেখ কৰা ধৰণৰ হ'ব পাৰে। ইয়াৰে কিছু শব্দৰ অসমীয়া প্ৰতিশব্দ মনলৈ নহাত ইংৰাজীতেই ৰখা হ’ল, পাঠকে যেন দায়-দোষ নধৰে।
ক) বাঁহ-বেত, কাঠৰ সামগ্ৰী উৎপাদনৰ প্ৰশিক্ষণ।
খ) কঁহ-পিতল, লোহা, মাটিৰ বাচন উৎপাদনৰ প্ৰশিক্ষণ।
গ) শিপিনী, কাটিং, এম্ব্ৰডাইৰীৰ প্ৰশিক্ষণ।
ঘ) ৰং কৰা, পানীৰ মিস্ত্ৰি, বৈদ্যুতিক সৰঞ্জাম মেৰামতি কৰা প্ৰশিক্ষণ।
ঙ) টি.ভি., ম'বাইল, চাইকেল, স্কুটাৰ, কম্পিউটাৰ আদি মেৰামতি কৰা প্ৰশিক্ষণ।
চ) ফ্লৰিকালচাৰ, হৰ্টিকালচাৰ সম্বন্ধীয় কামৰ প্ৰশিক্ষণ।
ছ) এগ্ৰি ফাৰ্মিং, পল্টি ফাৰ্মিংৰ প্ৰশিক্ষণ।
জ) ফিচাৰি মেনেজমেন্ট।
ঝ) মাছৰুমৰ খেতিৰ প্ৰশিক্ষণ।
ঞ) হেয়াৰ ড্ৰেচাৰ, বিউটি পাৰ্লাৰৰ প্ৰশিক্ষণ।
ট) ড্ৰাইভিং আৰু তাৰ লগত জড়িত সাধাৰণ মেকানিকেল জ্ঞান আৰু গ্ৰাহকৰ লগত ব্যৱহাৰৰ প্ৰশিক্ষণ।
ঠ) অটম’বাইল ইঞ্জিনিয়াৰিং, মুদ্ৰণ যন্ত্ৰৰ বিষয়ে প্ৰশিক্ষণ।
ড) ফাইন আৰ্টছ, এভাৰটাইজিং, ডিজাইন, ইটেৰিঅ'ৰ ডেকৰেচন, হোটেল মেনেজমেন্ট, কেটাৰিং সম্বন্ধে প্ৰশিক্ষণ।