পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪২
চাকৰি ক’তেনো পাম?

 এইখিনিতে আকৌ এবাৰ উনুকিয়াব খোজো যে আমি বিজ্ঞান, প্ৰযুক্তিবিদ্যা, গণিত, ইংৰাজী এইবোৰৰ দৰকাৰ নাই বুলি ক'ব খোজা নাই। দেশ এখন আগবাঢ়িবলৈ হ'লে বিজ্ঞান, প্ৰযুক্তিবিদ্যাৰ অধ্যয়ন তথা গৱেষণা অতিকৈ দৰকাৰী আৰু অনস্বীকাৰ্যভাৱে তাৰ চালিকা শক্তি হ'ব গণিত, ইংৰাজী আদি। কিন্তু আমাৰ প্ৰশ্ন হৈছে গণিত, ইংৰাজী আদিত দুৰ্বলসকল আমাৰ মানৱ সম্পদ নহয় নেকি? সমাজ তথা দেশক আগবঢ়াবলৈ হ'লে আমি সেইখিনি ছাত্ৰ-ছাত্ৰীকো মানৱ সম্পদ হিচাপে লৈ তেওঁলোকৰ কাৰণেও উপযুক্ত শিক্ষা, কাৰিকৰীবিদ্যা উপলব্ধ কৰাব লাগিব যাতে তেওঁলোকে দেশৰ উন্নতিত অৰিহণা যোগাব পাৰে, যাৰ দ্বাৰা তেওঁলোকেও মনত এক সন্তুষ্টি লাভ কৰিব পাৰে আৰু যি তেওঁলোকক সমাজত মূৰ দাঙি সুস্থভাৱে জীয়াই থকাৰ এক অবকাশ দিয়ে।

 এইখিনিতে মনলৈ আহে বিশ্ববিশ্ৰুত গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ কথা। ভাৰতীয় শিক্ষা পদ্ধতিত 'অসফল’ ঘোষিত হৈ তেওঁ মাদ্ৰাজৰ কোনো এক কোম্পানীৰ কেৰাণী হ'বলগা হৈছিল পেটৰ ভাতমুঠি উলিওৱাৰ বাবে। স্বনামধন্য ইংৰাজ গণিতজ্ঞ প্ৰফেছৰ হাৰ্ডিলৈ ৰামানুজনে। লিখা চিঠিত হাৰ্ডিয়ে প্ৰতিভাৰ গোন্ধ পালে আৰু তেওঁক ইংলেণ্ডলৈ লৈ গ’ল। তাৰ পিছৰখিনি এক সোণালী অধ্যায়। সেই ৰামানুজনৰে গণিতৰ বহুতো সূত্ৰৰ ওপৰত এতিয়াও বিশ্বৰ বহু প্ৰসিদ্ধ বিশ্ববিদ্যালয়ত গৱেষণা চলি আছে, তেওঁক লৈ চিনেমাও ওলাইছে। আজি সমগ্ৰ ভাৰতবৰ্ষই ৰামানুজনক লৈ গৌৰৱ কৰে আৰু সমগ্ৰ বিশ্বয়ে তেওঁক স্বীকৃতি দিছে এক কালজয়ী, ক্ষণজন্মা, মহান গণিতজ্ঞৰূপে। কিন্তু ভাব হয় প্ৰফেছৰ হাৰ্ডি নথকা হ'লে হয়তো বিশ্বই ৰামানুজনক চিনিয়ে নাপালে হয় আৰু হয়তো মাদ্ৰাজতে এক অচিন কেৰাণী হিচাপে তেওঁ ইহলীলা সম্বৰণ কৰিলেহেতেন। এয়াও আমাৰ শিক্ষা পদ্ধতিৰ বিফলতা নহয় নে?

 এই লিখাৰ মূল উদ্দেশ্যই হৈছে আমি 'দুৰ্বল’ বুলি চিহ্নিত কৰা ছাত্ৰ- ছাত্ৰীৰ বাবে কিবা এক ৰাস্তাৰ সন্ধান। তীক্ষ্ণধী বুলি চিহ্নিত হোৱাসকলে নিজৰ নিজৰ ৰাস্তাৰে গৈ দেশে-বিদেশে কিবা কৰি সামাজিকভাৱে প্ৰতিষ্ঠিত হ’ব, সন্তুষ্টি ল'ব আৰু এক সুন্দৰ জীৱন যাপন কৰিব। কিন্তু