এতিয়া কথা হৈছে যিখিনি ছাত্ৰ-ছাত্ৰীক গণিত আৰু ইংৰাজীত (বিশেষকৈ) অকৃতকাৰ্য হোৱাৰ বাবে আমাৰ সমাজ তথা শিক্ষা ব্যৱস্থাই তেওঁলোক কোনো কামৰ যোগ্য নহয় বুলি এক ধাৰণা কৰি লয় সেয়া সঁচানে? আমি নিশ্চিত যে ইয়াৰে বেছিভাগৰে বেলেগ বেলেগ বিষয়ত যেনে— খেলা-ধূলা, গানবাজনা অথবা অন্যান্য সুকুমাৰ কলা নাইবা অন্য হাতৰ কাম যেনে, বাঁহ-বেতৰ কাম কৰা, মেচিন আদি ঠিক কৰা ধৰণৰ ব্যুৎপত্তি আছিল যিটো চিহ্নিত কৰাৰ কোনো ব্যৱস্থা আমাৰ শিক্ষা ব্যৱস্থাৰ দ্বাৰা কৰা নহ’ল আৰু তেওঁলোকক জীৱন যুদ্ধত ‘অসফল’ বুলি লেবেল’ লগাই দিয়া হ'ল। ভাবিলে আচৰিত লাগে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ভাষা এটা ভালকৈ আয়ত্ত কৰিব নোৱাৰা বাবে আমি তেওঁলোকক ‘অসফল’ বুলি গণ্য কৰিলো। এইটো সঁচা যে দেশীয় বা আন্তৰ্জাতিক স্তৰত কিবা কৰিবলৈ ইংৰাজী ভাষাৰ প্ৰাধান্য অনস্বীকাৰ্য আৰু তাৰ জ্ঞান অতিকৈ দৰকাৰী। আমি তেওঁলোকক সেই স্তৰলৈ নিনি ৰাজ্যিক স্তৰতে কিবা কামতটো খটুৱাব পাৰিলো হয়। পৃথিৱীৰ কোনো উন্নত দেশত এনে ‘সফলতা-বিফলতা'ৰ মাপকাঠি আছেনে নাই আমি নাজানো। পৃথিৱীৰ বিভিন্ন উন্নত দেশ যেনে—ফ্ৰান্স, জাৰ্মানী, স্পেইন, ৰাছিয়া, চীন আদি দেশত ইংৰাজী নজনাকৈও বহুতেই বহু উচ্চ শিক্ষাগত অহ আহৰণ কৰিছে কাৰণ সেই দেশবোৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ লাগতিয়াল কিতাপসমূহ নিজৰ মাতৃভাষাত পোৱা যায়, যিটো আমাৰ দেশত অতিকৈ বিৰল।
অন্যহাতে আমি অত্যন্ত 'সফল’ বুলি স্বীকৃতি দিয়া কিমান ছাত্ৰ- ছাত্ৰীয়ে নিজৰ মাতৃভাষা লিখিব বা পঢ়িব পাৰে সেয়াও আমি নাজানো কিন্তু আমি তেওঁলোকক 'অসফল' বুলি নকওঁ।
একে ধৰণৰ কথা গণিতৰ ক্ষেত্ৰতো খাটে। ভৱিষ্যতে গণিতজ্ঞ নাইবা বিজ্ঞানৰ অথবা প্ৰযুক্তিবিদ্যাৰ ছাত্ৰ-ছাত্ৰী হ'ব নোখোজা এজনৰ কাৰণে গণিতৰ অসফলতা সিমান ধৰিবলগীয়া কথা বুলি মনে নধৰে। আজিৰ কেলকুলেটৰ, কম্পিউটাৰৰৰ যুগত দৰকাৰী যোগ-বিয়োগ, পূৰণ- হৰণখিনি দেখোন তাতেই কৰিব পাৰি।