শিক্ষানুষ্ঠানকে ধৰি উচ্চতৰ শিক্ষানুষ্ঠানসমূহক সামৰি লোৱা নাই। আমি প্ৰচলিত আন শিক্ষানুষ্ঠান আৰু শিক্ষা ব্যৱস্থাৰ বিষয়েহে আলোচনা কৰিবলৈ গৈছো।
আমাৰ শিক্ষা পদ্ধতিত কোনজন ছাত্ৰ বা ছাত্ৰীৰ কি বিশেষ ক্ষেত্ৰত ব্যুৎপত্তি আছে তাক উলিয়াই লৈ তেওঁক সেই বিশেষ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ কোনো বিশেষ ব্যৱস্থা আমাৰ এতিয়ালৈ চকুত পৰা নাই। উদাহৰণ স্বৰূপে মেট্ৰিক পৰীক্ষাৰ দেওনা পাৰ হ'বলৈ অক্ষম হোৱা এক বুজন পৰিমাণৰ ছাত্ৰ-ছাত্ৰী অকৃতকাৰ্য হোৱা দেখা যায় দুটা প্ৰধান বিষয়ত। এটা হৈছে গণিত আৰু আনটো ইংৰাজী। এইসকল ছাত্ৰ-ছাত্ৰীৰ প্ৰতি এক সামাজিক ধাৰণা পোষণ কৰা হয় যে তেওঁলোক কোনো কামৰ যোগ্য নহয়। অৱশ্যে ৰাজনীতিৰ ক্ষেত্ৰত কথাটো সুকীয়া। এনেকুৱা এক সামাজিক ধাৰণাই এই কুমলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মনোবল ভাঙি পেলায়। লাহে লাহে সমাজৰ এই বিৰূপ দৃষ্টিভংগীয়ে তেওঁলোকৰ মনত এক ক্ষোভ তথা আন আন ঋণাত্মক দৃষ্টিভংগীৰ সৃষ্টি হোৱাত সহায় কৰে। ইয়াৰ সুবিধা লয় অসামাজিক তথা দেশদ্ৰোহী শক্তিয়ে। তেওঁলোকক ধন- বিত নাইবা আন সুবিধাৰ যোগান ধৰি তেওঁলোকৰ দ্বাৰা অসামাজিক বা দেশ বিৰোধী কাৰ্য সংঘটিত কৰায় এইচাম অপশক্তিয়ে। ফলত আমাৰ সমাজ আৰু দেশত বহু সমস্যাই দেখা দিয়ে আৰু দেশ পশ্চাগামী হয়। লগতে আমি বহু মানৱ সম্পদৰ অপচয়ৰ সন্মুখীন হওঁ, যিখিনিয়ে হয়তো সমাজ আৰু দেশৰ প্ৰতি বহু ধনাত্মক বৰঙণি দিব পাৰিলেহেঁতেন বিভিন্ন ক্ষেত্ৰত। আমি পাহৰি যোৱা উচিত নহয় যে বৰ্তমান বিশ্ববৰেণ্য ব্যক্তি বিল্ গেট্চ, ষ্টিভ্ জৱ্চৰ নিচিনা বহুতো, তেওঁলোকৰ নিজৰ দেশৰ স্কুল বা কলেজ ড্ৰপ আউট’ আছিল। প্ৰচলিত শিক্ষাৰ প্ৰতি যদিও তেওঁলোকৰ অনীহা আছিল, তেওঁলোকৰ ভিতৰত অফুৰন্ত কৰ্মশক্তি আৰু অন্য ব্যুৎপত্তি আছিল যিয়েই তেওঁলোকক এদিন খ্যাতিৰ শীৰ্ষত আৰোহণ কৰাইছিল তেওঁলোকৰ ধনাত্মক কৰ্মৰাজিৰ বাবে। আমাৰ দেশত কিন্তু এনে উদাহৰণ সতকাই দেখা পোৱা নাযায় ক্ৰিকেট, চিনেমা আদি ক্ৰীড়া আৰু মনোৰঞ্জনৰ জগতক বাদ দি।