পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৪
চাকৰি ক’তেনো পাম?

বিভিন্ন কাৰণবোৰ চালি-জাৰি চাই তাৰ প্ৰতিকাৰৰ বিভিন্ন উপায়ৰ সন্ধানৰ বাবে আমি জন্ম দিব লাগিব আন এক সভাৰ—যাৰ নাম হ’ব ‘অসম অৰ্থনৈতিক সভা’। অসম সাহিত্য সভাই যিদৰে নিজৰ লক্ষ্য কৰি লৈছিল ‘চিৰ চেনেহী মোৰ ভাষা জননী’ সেইদৰে অসম অৰ্থনৈতিক সভাৰ লক্ষ্য হ’ব ‘অৰ্থনৈতিকভাৱে স্বচ্ছল অসম, শান্তিৰ অসম, সুখৰ অসম’। কোনোবাই হয়তো প্ৰশ্নৰ অৱতাৰণা কৰিব পাৰে—অকল আৰ্থিক স্বচ্ছলতাই সুখ, শান্তি আনিব পাৰে জানো? আমিও মানি লওঁ কথাটো, কিন্তু আমাৰ আজিৰ আলোচনাত সেই কথা আনি পথচ্যুত, লক্ষ্যভ্ৰষ্ট হ’ব খোজা নাই।

 কিনো কৰিব এই অসম অৰ্থনৈতিক সভাখনে? আমাৰ দৃঢ় বিশ্বাস লাখৰ ঘৰত নহ’লেও নিশ্চয় হাজাৰৰ ঘৰত তেনে অসমপ্ৰেমী ওলাব যি অসমৰ বিভিন্ন স্থানত—আনকি বিদেশতো অকলে অকলে চিন্তামগ্ন হৈ দুখী হৈ আছে জাতিটোৰ বাবে, ভৱিষ্যৎ প্ৰজন্মৰ বাবে অৰ্থনৈতিক দিশত কিবা এটা কৰিব পাৰি নেকি জাতীয় কথা ভাবি। সমভাবাপন্ন অন্য লোকৰ সঁহাৰি নোপোৱাৰ বাবেই হয়তো কালক্ৰমত তেনে ইচ্ছা, শক্তি নিৰ্বাপিত হৈ গৈছে। গতিকে আমাৰ দৃষ্টিত সেই সমভাবাপন্ন মানুহখিনি এখন মঞ্চত একগোট হ’ব যাৰ নাম হ’ব ‘অসম অৰ্থনৈতিক সভা।’

 অসম সাহিত্য সভাৰ ৰাজ্যৰ ভিতৰে বাহিৰে শাখা-প্ৰশাখাৰ বৰ্তমান সংখ্যা সম্ভৱতঃ এহেজাৰৰো অধিক। যদি সকলো ঠিকে-ঠাকে হয়, আজিৰপৰা পঞ্চাছ বছৰৰ পিছত আমি অনুৰূপ অৱস্থা এটা হয়তো ‘অসম অৰ্থনৈতিক সভা’ খনৰ ক্ষেত্ৰতো আশা কৰিব পাৰোঁ।

 সভাখনৰ সভ্যসকল কোন হ’ব? আগতেই কৈছোঁ অসমৰ অৰ্থনৈতিক অনগ্ৰসৰতাই অন্তৰত পীড়া দিয়া, ভৱিষ্যৎ প্ৰজন্মক নতুন নতুন আৰ্থিক দিশৰ সন্ধান দিব পৰা তথা তেনে দিশত নিজকে সংস্থাপিত কৰিবলৈ যুৱক-যুৱতীচামক প্ৰয়োজনীয় তথ্য তথা দিহা-পৰামৰ্শ দিব পৰা, নিজৰ অৱসৰ সময়খিনিক জাতিৰ অৰ্থনৈতিক স্বাৰ্থত উৎসৰ্গ কৰিব খোজা যিকোনো নিঃস্বাৰ্থ অসমপ্ৰেমীয়েই এই সভাৰ সভ্য হ’ব পাৰে।

 সভ্যসকলৰ কৰ্মকাণ্ড কেনে হোৱা উচিত হ’ব? আমাৰ দৃষ্টিত সভ্যসকলে বিভিন্ন অৰ্থনৈতিক দিশত চিন্তা-চৰ্চা কৰি তাৰ ওপৰত