পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
চাকৰি ক’তেনো পাম?

লৈ যোৱাৰ ক্ষেত্ৰত হ’ব আমাৰ অৰিহণা।

 ব্যৱসায়ত সফল হ’বলৈ আমাৰ দৃষ্টিত কেইটামান গুণৰ আহৰণ খুবেই আৱশ্যকীয়।

  • আত্মবিশ্বাস :

 নিজে বাচি লোৱা ব্যৱসায়ত সফল হ’ম বুলি প্ৰবল আত্মবিশ্বাস গঢ়ি তুলিব লাগে। বিপদ-বিঘিনি নিশ্চয় আহিব। ব্যৱসায়ত উঠা-নমাও থাকিব কিন্তু আমি পাহৰিব নালাগে—

 Our greatest glory lies not in never falling but in rising every time we fall.

  • আগ্ৰহ আৰু সংকল্পবদ্ধতা :

 আগতেই উল্লেখ কৰা হৈছে নিজে ঠিক কৰা ব্যৱসায়টোৰ প্ৰতি আগ্ৰহ থকাটো একান্তই বাঞ্ছনীয়। কাৰণ তেতিয়া সেই বিষয়ত তেওঁ যিমানেই সময় নিদিয়ক কিয় তেওঁ আমনি নাপায়। লগতে লাগিব সংকল্পবদ্ধতা। সমস্যাৰ প্ৰতি পিঠি দিয়াতকৈ তাৰ মুখামুখি হৈ তাক পাৰ কৰাৰ এক দৃঢ় মানসিকতা।

  • পৰিশ্ৰম কৰাৰ আগ্ৰহ :

 যিকোনো ব্যৱসায় আৰম্ভ কৰিলে প্ৰথম অৱস্থাত যথেষ্ট পৰিশ্ৰমৰ দৰকাৰ হয়। সেই পৰিশ্ৰমৰ বাবে কোনো লাজ, ভয় থাকিলে নহ’ব। আমাৰ ভাৰতৰে পাঞ্জাৱী ব্যৱসায়ীসকললৈ মন কৰক। অকল এই গুণটোৰ বাবেই অৰ্থাৎ কোনো ধৰণৰ পৰিশ্ৰম কৰিবলৈ লাজ, ভয় নকৰা বাবেই তেওঁলোকে দোপতদোপে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰম্ভণিতে কঠোৰ পৰিশ্ৰমেৰে সবল ভেটি এটা বনাই ল’লে লাহে লাহে পৰিশ্ৰমৰ পৰিমান কমি আহিব।

  • কৰ্তব্যবোধ, সৎ আচৰণ, সময় জ্ঞান :

 বহুতে ভাবিব পাৰে ব্যৱসায়ত আকৌ এইবোৰ গুণ কিয় লাগে? কিন্তু মনত ৰাখিব লাগিব আমাৰ ব্যৱসায় আমি গ্ৰাহকৰ লগত কৰিম। উপৰোক্ত গুণবোৰে আমাক গ্ৰাহকৰ মাজত জনপ্ৰিয় কৰি তুলিব আৰু ব্যৱসায়ৰ প্ৰসাৰত সুন্দৰ অৱদান আগবঢ়াব। গ্ৰাহকৰ লগত সুসম্পৰ্ক এটা