পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
শিক্ষিত নিবনুৱাৰ বাবে চাকৰিৰ...

কোম্পানী আৰু কেমিকেলৰ লগত জড়িত অজস্ৰ চৰকাৰী/বেচৰকাৰী অনুষ্ঠান আছে, গতিকে তেনে লোকৰ দৰকাৰ নিশ্চয় অসমতো আছে।

 গতিকে অসমৰ ল’ৰা-ছোৱালীৰ বাবে অসম চৰকাৰে তেনে এক অত্যাধুনিক অনুষ্ঠান খোলাৰ কথা ভাবিব পাৰে দেখোন। লগা ধনৰ এটা অংশ চৰকাৰে আৰু আনটো অংশ ওপৰোক্ত অনুষ্ঠানবোৰে তেওঁলোকৰ ‘কৰ্প’ৰেট্ ছ’চিয়েল্ ৰেচপন্‌চিবিলিটি’ শিতানত ধাৰ্য কৰা ধনৰ পৰা হয়তো বহন কৰিব পাৰে। তেতিয়া সেই অনুষ্ঠানসমূহো এই নতুনকৈ খোলা শিক্ষানুষ্ঠানটোৰ লগত জড়িত হৈ থাকিব আৰু তেওঁলোকৰ নিজৰ নিজৰ অনুষ্ঠানত যেনেকুৱা ‘স্কীল’ৰ মানুহৰ দৰকাৰ হয়, তেনে মানুহ তেওঁলোকে ‘ট্ৰেইনিং’ দি ল’ব পাৰিব।

 মনলৈ অহা আন এটা ভাব হৈছে—অসমত ‘অসম সাহিত্য সভা’ৰ নিচিনাকৈ কেতিয়াবা এখন ‘অসম অৰ্থনৈতিক সভা’— হ’বনে য’ত ব্যাৱহাৰিক অৰ্থনীতিবিদ, সফল ব্যৱসায়ী, ৰাজনীতিবিদ, প্ৰকৃত সমাজসেৱী আদিয়ে লগ হৈ আমাৰ ভৱিষ্যৎ প্ৰজন্মক সন্ধান দিব নতুন নতুন পথৰ, যি পথেৰে গৈ তেওঁলোকে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’ব আৰু দুখুনী অসমী আইক সোণৰ কৰিব নোৱাৰিলেও সুখৰ কৰি বিশ্ব দৰবাৰত চিনাকি কৰি দিব পাৰিব। ❏


Agriculture & Hotel Management:

Indian Council of Agricultural Research ICAR AIEEA-UG-PG
Purpose-Admission in Bachelor, Master Degree Program,
SRF (PGS) to Pursuing Ph.D in Agriculture and
Allied Sciences at Agricultural Universities
Eligibility-Class 12, UG, PG
Application mode - Online
Source: www.icar.org.in/

All India Hotel management Entrance Exam NCHMCT JEE
Purpose-Admission in B.Sc. Hospitality & Hotel Administration
Eligibility-Class 12
Application mode - Online
Source: www.ncbmct.org/