পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
চাকৰি ক'তেনো পাম?

এনেকুৱা ডিপ্ল'মা এটা কৰাই নি তেওঁক কুৱেইটত চাকৰিত সুমুৱাই দিছে। মই কপিলক সুধিলো, অসমৰ ল'ৰা-ছোৱালীৰ জ্ঞাতাৰ্থে তেওঁৰ মহাকৰ ই-মেইলটো দিব পাৰিম নেকি? কপিলে মহাকৰ লগত কথা পাতি মোক জনাব বুলি কৈ তেখেতৰ ই-মেইলটো পঠিয়ালে—dchoudhurym@yohoo.com

 ঘূৰি আহিছো আকৌ সহপাঠী, বান্ধৱী মল্লিকাৰ ঘটনাটোলৈ। তেওঁ দুলীয়াজানত কাম কৰি থকা কোনো এটা দিনৰ কথা। তেওঁৰ অফিচলৈ স্থানীয় কেইজনমান যুৱক আহি তেওঁক জনালে যে তেওঁলোকে এখন খেল পাতিছে আৰু সেয়ে তেওঁলোকে চান্দা বিচাৰি আহিছে। মল্লিকাই ১০০ টকা দিয়াত তেওঁলোকে জনালে যে তেওঁৰ পৰা দুহেজাৰ টকা বিচৰা হৈছে। 'ফায়াৰ এণ্ড চেফ্‌টি মেনেজমেণ্ট'ৰ ক্ষেত্ৰখন সম্পৰ্কে মল্লিকা ইতিমধ্যেই অবগত আছিল আৰু তেওঁলোকৰ 'অইল ইণ্ডিয়া লিমিটেড' অনুষ্ঠানতো তেনে ডেকা ল'ৰাৰ আৱশ্যকতা আছিল। যুৱক কেইজনক মল্লিকাই গালি এজাউৰি দি ক'লে যে এনেদৰে চান্দা তুলি ঘূৰি ফুৰাতকৈ তেওঁলোকে ক'ৰবাত গৈ 'ফায়াৰ এণ্ড চেফ্‌টি মেনেজমেণ্ট'ৰ ডিপ্ল'মা কৰ্চ এটা কৰি আহক আৰু তাৰ বাবে যদি তেওঁলোক অৰ্থনৈতিকভাৱে অসমৰ্থ তেন্তে সেই খৰচ তেওঁ বহন কৰিব, কিন্তু চান্দা এশ টকাৰ ওপৰত তেওঁ নিদিয়ে। ল'ৰাকেইজন গ'লগৈ যদিও কিবা বিষম প্ৰতিক্ৰিয়া হ'ব পাৰে বুলি মল্লিকাৰ কেইদিনমান দুশ্চিন্তাত গ'ল। একো অঘটন পিছে নঘটিল। কেইদিনমানৰ পিছত তাৰে দুজনমানে আহি মল্লিকাক লগ ধৰি তেনে পাঠ্যক্ৰম ক'ত আছে, ক'ত কৰিলে ভাল হ'ব ইত্যাদি খবৰ লৈ গ'ল। প্ৰায় এবছৰ পিছত এদিন দুজন ল'ৰা আহিল মল্লিকাৰ ওচৰলৈ আৰু জনালে যে তেওঁৰ উপদেশ মতে আগবাঢ়ি তেওঁলোকে বৰ্তমান একোটা চাকৰি পালে আৰু সেয়ে তেওঁলোকে কৃতজ্ঞতা জনাবলৈ আহিছে।

 মল্লিকাৰ ঘটনাটো শুনাৰ পিছত মোৰ মনতো ভাব আহিল— অসমতো তেলৰ খাদ আছে, ৰিফাইনেৰী, অইল ইণ্ডিয়া লিমিটেড, অ’.এন.জি.চি., এয়াৰপৰ্ট, বীমাকৰণ কোম্পানী, বিভিন্ন কনষ্ট্ৰাক্‌চন্