পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/২২

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
শিক্ষিত নিবনুৱাৰ বাবে চাকৰিৰ...

এটা। ইতিমধ্যেই কৰ্ণাটক, মহাৰাষ্ট্ৰ, দিল্লী, কলিকতা আদি ঠাইত এনে ডিপ্ল'মা কৰ্চ থকা অনুষ্ঠান গঢ় লৈ উঠিছে।

 এইখিনিতে দুটামান দৰকাৰী কথা কৈ থোৱাৰ প্ৰয়োজন অনুভৱ কৰিলো। 'ফায়াৰ' শব্দটোৱে হয়তো বহুতো অভিভাৱকৰ চকু কপালত উঠাব আৰু মনে মনে হয়তো মোক গালিও পাৰিব—ভাল উপদেশ দিবলৈ আহিছে, আমাৰ ল'ৰা বা ছোৱালীক জুইৰ লগত খেলা কৰিবলৈ দি! ভুল নুবুজিব। এনে চাকৰিবোৰৰ মাথো পাঁচ শতাংশহে জুইৰ লগত খেলা কৰা চাকৰি, যিটো হৈছে 'ফায়াৰ ফাইটাৰ'ৰ। বাকী পঁচানবৈ শতাংশই জুইৰ লগত খেলা কৰিব নালাগে। তেওঁলোকে নিজৰ নিজৰ অনুষ্ঠানৰ কৰ্মীসকলক তেনে আপাতকালীন সময়ত কি কৰিব লাগে তাৰ জ্ঞান দিব, তেনে দুৰ্ঘটনা ঘটিলে তাৰ পৰা পৰিত্ৰাণৰ বাবে যিবোৰ আহিলা (Gadgets) আছে সেইবোৰৰ বিষয়ে সম্যক জ্ঞান দিয়াৰ লগতে সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ ‘ট্ৰেইনিং’ দিব, অনুষ্ঠানৰ বাবে নতুন ঘৰ আদি সাজিবলৈ হ'লে তেনেকুৱা বিপদৰ পৰা ৰক্ষা পৰিবলৈ কেনেদৰে ঘৰৰ ডিজাইন কৰিব লাগে তাৰ দিহা-পৰামৰ্শ দিব ইত্যাদি। মই আদা বেপাৰীয়ে ইয়াতকৈ বেছি জাহাজৰ খবৰ দিয়া উচিত বুলি নাভাবো—মই মাথোঁ আপোনালোকক জাহাজ এখন থকাৰ খবৰহে দিছো। কি কি ধৰণৰ চাকৰি আছে, যোগ্যতা কি লাগে, চাকৰিত দৰমহা কিমান হ’ব, ভাৰতৰ আৰু মধ্যপ্ৰাচ্যৰ কোন কোন অনুষ্ঠানত এনে চাকৰি পাব পাৰি ইত্যাদি সমস্ত খবৰ ইণ্টাৰনেটত পাব। নতুন চামৰ বাবে আজিকালি ‘ইণ্টাৰনেট চাৰ্ফিং’ ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা। 'গুগল চাৰ্চ'ত গৈ ‘ফায়াৰ এণ্ড চেফ্‌টি মেনেজমেণ্ট ইন্সিটিটিউট ইন ইণ্ডিয়া’ লিখি গৈ থাকক, খবৰৰ কোনো অভাৱ নাপায়। মনত উদয় হোৱা সকলো প্ৰশ্নৰে উত্তৰ পাই গৈ থাকিব। কথা প্ৰসংগত তেনে এজন অসমীয়াৰো সন্ধান পালো, যিজনে বৰ্তমান মধ্যপ্ৰাচ্যত (কুৱেইটত) তেনে ধৰণৰ কামত নিয়োজিত হৈ আছে। খবৰটো পালো উদীয়মান ডেকা আৰ্কিটেক্ট কপিল দেৱ চৌধুৰীৰ পৰা। কথা প্ৰসংগত তেওঁ জনালে যে তেওঁৰ মহাক মুকুট নাৰায়ণ দেৱ চৌধুৰী যোৱা ২৫ বছৰমান কাল মধ্যপ্ৰাচ্যত এজন প্ৰযুক্তিবিদ হিচাপে কাম কৰি আছে আৰু তেখেতে নিজৰ ভায়েকক বি. এছ. ছি. পাছ কৰাৰ পিছত