পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
চাকৰি ক’তেনো পাম?
  • Quantitative Aptitude (Arithmetic, Algebra, Data Interpretation etc.)
  • General Awareness (Current affairs and Subject wise knowledge)

 অৱশ্যে যিমানেই উচ্চস্তৰৰ পৰীক্ষালৈ যোৱা যায় সিমানেই প্ৰশ্নবোৰ টান হৈ যায়।

 এই সম্পৰ্কে ইয়াতকৈ বেছি তথ্য দি পৃষ্ঠা বঢ়াব বিচৰা নাই। যিসকলে ইচ্ছা কৰে তেওঁলোকে ‘ৱেব ছাইট’ চাই বিস্তৃত তথ্যসমূহ আহৰণ কৰিব পাৰে। নতুন চামৰ বাবে আজিকালি ‘ইণ্টাৰ্‌নেট্ চাৰ্ফিং’ ভাতৰ লগত পানী খোৱাৰ নিচিনা কথা।

 লগতে এইটোও জনাই থওঁ যে উপৰোক্ত কেউটা পৰীক্ষাৰ বাবে ‘গাইড বুক’ গুৱাহাটীৰ পাণবজাৰৰ কিতাপৰ দোকানবিলাকত বিচাৰিলেই পোৱা যায়। ইয়াৰ বাহিৰেও 'Study Material' যোগান ধৰা তথা তেনেকুৱা পৰীক্ষাৰ তৈয়াৰী কৰাত সহায় কৰা অনুষ্ঠানৰ খবৰো ইণ্টাৰনেটত পোৱা যায়। গুৱাহাটীতো তেনে দুই-এক সংস্থা গঢ় লৈ উঠা বুলি শুনিবলৈ পাইছো। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে তেনে অনুষ্ঠানৰবোৰত যোগদান কৰি পইচা পাতি জমা দিয়াৰ আগতে কিছু খবৰ কৰি লোৱা ভাল।

 উত্তৰ-পূব ভাৰতত বৰ্তমানে এছ.এছ.চি.ৰ চাকৰিবোৰত কৰ্মৰত লোকৰ ৯০ ৰপৰা ৯৫ শতাংশ উত্তৰ-পূবৰ বাহিৰৰ। সেইটোৱে কিন্তু এইটো প্ৰতিপন্ন নকৰে যে আমাৰ উত্তৰ-পূবৰ ছাত্ৰ-ছাত্ৰীখিনিৰ বুদ্ধিবৃত্তি কম, বৰঞ্চ তেওঁলোকে দুই-এটা সৰু কিটিপ (trick) নাজানে।

 আমাৰ ল'ৰা-ছোৱালীখিনিয়ে বেছিভাগেই কিবা নহয় কিবা বিষয়ত এম.এ./এম.এছ.চি. ধৰণৰ ডিগ্ৰী এটা আৰ্জি লয় যিটো কৰোতে তেওঁলোকৰ প্ৰায় ২৩-২৪ বছৰ হৈ যায়। ইয়াৰ পিছতেই বহুতো ছাত্ৰ- ছাত্ৰীৰ ক্ষেত্ৰত আমি সৰুৰেপৰা শুনি থকা শহা আৰু কাছৰ সাধুটোৰ নিচিনা ঘটনা এটা ঘটে। ইমানদিনে একেলেথাৰিয়ে পঢ়ি ‘ভাগৰ’ লগা বাবে অলপ ‘জিৰণি’ লয় ভাগৰ পলুৱাবৰ বাবে আৰু জীৱনটোক অলপ