পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

লিখকৰ পৰিচয়

গুৱাহাটীৰ শিলপুখুৰীত জন্মগ্ৰহণ কৰা হেমন্ত কুমাৰ শৰ্মাই স্কুলীয়া শিক্ষা গ্ৰহণ কৰে শিলপুখুৰীৰ গোপীনাথ বিদ্যাপীঠ আৰু পাণবজাৰৰ কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৮৯ চনত গুৱাহাটীৰ আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ত আৰু তাৰ পিছত ১৯৯১ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত শিক্ষকতা আৰম্ভ কৰে। বৰ্তমান তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক। তেখেত NCERT (DESM), নতুন দিল্লীৰ উপদেষ্টামণ্ডলীৰো সদস্য হৈ আছে (২০১৭-২০২০)।