পৃষ্ঠা:চাকৰি ক’তেনো পাম.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

চাকৰি ক'তেনো পাম?

 উন্নত দেশসমূহৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে আমাৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ এক চকুত পৰা বৈসাদৃশ্য এয়ে যে আমাৰ দেশৰ বেছিভাগ ছাত্ৰ-ছাত্ৰীয়েই শিক্ষা সমাপ্ত কৰালৈকে অৰ্থনৈতিক ভাৱে নিজৰ মাক-দেউতাকৰ ওপৰতেই সম্পূৰ্ণভাৱে নিৰ্ভৰশীল হৈ আপেক্ষিকভাৱে এক সহজ জীৱন উপভোগ কৰিবলৈ সক্ষম হয়। হাঁহি-স্ফূৰ্তিৰ মাজেৰে শিক্ষাজীৱন সমাপ্ত কৰাৰ পিছতহে তেওঁলোকে চিন্তা কৰে— ‘ভৱিষ্যতৰ সংস্থাপনৰ বাবে এতিয়া কি কৰিম?’ এক অচিন নিৰাপত্তাহীনতাৰ ভাৱে তেওঁলোকৰ মনত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ বিপৰীতে উন্নত দেশসমূহৰ বেছিভাগ ল'ৰা-ছোৱালীয়েই পঢ়িথকা দিনৰ পৰাই আৰ্জন আৰম্ভ কৰা বাবে হয়তো তেওঁলোকৰ বাবে তেনে পৰিস্থিতি মোকাৱিলা কৰাত কিছু সহজ হয়। যাহওঁক, আমাৰ উদ্দেশ্য হৈছে আমাৰ ছাত্ৰ-ছাত্ৰীক ভৱিষ্যত সংস্থাপন লভাত সহায় হোৱকৈ কিছু তথ্যৰ যোগান ধৰাহে। সফলতাৰ বাবে লাগিব তেওঁলোকৰ নিজস্ব পৰিশ্ৰম, সাধনা আদি। তাৰ কোনো বিকল্প নাই।

 এইখিনিতে উনুকিয়াই থ'ব খোজো যে যিখিনি ছাত্ৰ-ছাত্ৰীৰ সপোন শিক্ষকতা অথবা ইউ.পি.এছ.চি. (U.P.S.C.), এ.পি.এছ.চি. (A.P.S.C.) আদি প্ৰতিযোগিতামূলক পৰীক্ষাৰ দ্বাৰা কোনো চাকৰিত মকৰল হোৱা, তেওঁলোকৰ বাবে তলৰ কথাখিনি লিখা হোৱা নাই। আমাৰ দৃষ্টি আন ছাত্ৰ-ছাত্ৰী সকলৰ ওপৰতহে নিবদ্ধ।