পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

গণভোট (ৰেফাৰেণ্ডাম) কিমানদূৰ প্ৰকৃত জনমতৰ প্ৰতিফলন সেইটো সন্দেহজনক, কিন্তু যি হওক, এইটো এটা প্ৰস্তাৱ। আৰু এইটোও আমি জানোঁ যে এই মুহূৰ্তত এটা ৰেফাৰেণ্ডাম হ'লে খুব সম্ভৱতঃ অসম ভাৰতবৰ্ষৰ লগতে থাকিব লাগে বুলিয়েই অধিক মতদান হ’ব, কিন্তু সেইটোৱে আমাৰ বিশ্বাস নলৰায়, যে ভাৰতীয় গণৰাজ্য বুলি কোনো বস্তু শেহলৈ নাথাকে (চাৰিওপিনৰ ঘটনাৱলীৰ পিনে এবাৰ চকু ফুৰালেই যিটো কথা স্পষ্ট হৈ পৰে)। আমাৰ বিশ্বাস নলৰে, কিয়নো আমি উক্ত চিঠিতে ক’বৰ প্ৰয়াস কৰিছিলো যে “..... যদিও আমিও স্বাধীন অসমৰ প্ৰয়াসী, আমাৰ বোধেৰে ভাৰতীয় সৈন্যবাহিনীৰ লগত যুদ্ধ কৰাৰ বা গেৰিলা যুঁজেৰে দেশ স্বাধীন কৰাৰ সময় বা মানসিকতা আমাৰ এতিয়াও অহা নাই.... আৰু স্বাধীনতাৰ অদম্য ইচ্ছা বা তাৰ সম্ভাৱনা জনসাধাৰণৰ মনত এতিয়ালৈকে সঞ্চাৰিত হোৱা নাই। আমাৰ বোধেৰে, অসমৰ স্বাধীনতাৰ অন্যতম দুই ঘাই খুঁটি হ’ল আমাৰ অৰ্থনীতিৰ ওপৰত আমাৰ নিজৰ নিয়ন্ত্ৰণ আৰু আমাৰ মাটি.... আমি সদায় এই কথাকেই কৈ আহিছোঁ যে বন্ধুতকৈ বাণিজ্য ডাঙৰ অস্ত্ৰ, ‘বাণিজ্যে বসতে লক্ষ্মী’য়েই নহয়, ‘বাণিজ্যে বসতে শক্তি’ও [ ইষ্ট ইণ্ডিয়া কোম্পানী, জাপান,....]..... আমাৰ বোধেৰে, বহিৰাগতক মাটি বণ্টন দিয়া/বিক্ৰী কৰা বন্ধ কৰা কামটো আছুৰ। আলফাৰ শক্তিৰ ভিতৰত...... তেওঁলোকে সেইটো কৰক, স্বাধীনচিতীয়া হ'বলৈ অসমীয়া মানুহৰ বেছিদিন নালাগিব।” ঘাই হাতিয়াৰ হ’ল অধ্যয়ন, অনুশীলন আৰু ব্যৱসায়-বাণিজ্য। সময় আহিব ধৰিছে, ন্যস্তস্বাৰ্থৰ অপপ্ৰচাৰৰ ধুঁৱলি-কুঁৱলী ফালি নিশ্চয় অসমীয়া মানুহৰো চকুত স্পষ্ট হৈ পৰিব যে (১) কোনো কাৰো অধীন হ'ব নালাগে (২) অধ্যয়ন আৰু অৰ্থনীতিৰেই স্বাধীন হ’ব পাৰি।

 শেহত, এটা কৌতূহলজনক কথা পঢ়ুৱৈয়ে আৰু শ্ৰীবৰুৱাই নিজেও মন কৰিছেনে নাই নাজানো, তেখেতে যদিও অসম ভাৰতৰ পৰা বিচ্ছিন্ন নোহোৱাৰ সপক্ষে যুক্তি দাঙি ধৰিবৰ চেষ্টা কৰিছে, কথাবোৰত কিন্তু এটা কিবা ‘কিন্তু কিন্তু’ দ্বিধাভাব ৰৈ গৈছে; সেয়ে তেখেতে “স্বাধীন

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ৩১