পৃষ্ঠা:চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাৰ লক্ষণ এই আলোচনাবোৰ।

 ‘স্বাধীন অসম’ এটা সম্ভৱ বা কাম্য কথা হয় নে নহয়, তাৰ যে আজিকালি অন্ততঃ মুকলি আলোচনা হ’ব পাৰিছে, সেই লক্ষণটোৰ কথাকে ক'ব খুজিছোঁ। আজি কিছুদিন আগলৈকেও এনেকুৱা এটা প্ৰশ্ন উত্থাপন কৰাটোৱেই আছিল অসম্ভৱ, সেইটো আছিল ৰাজদ্ৰোহ, ‘ডিচিশ্যন’। আমি— এই পত্ৰলেখকে— স্বাধীন অসমৰ কথাটো সদা কাম্য আৰু বাস্তৱসন্মত বুলি ক’বৰ চেষ্টা কৰি আহিছোঁ (য'ত সুবিধা পাইছোঁ,, অধিক ক্ষেত্ৰতে কোনো সুবিধা পোৱা নাই), আমি অসমখন সাৰ্বভৌম আৰু স্বাধীন হোৱাটো বিচাৰোঁ, আৰু প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰি আহিছো যে স্বাধীন অসম এটি আকাশকুসুম বা ‘ইউট’পিয়া’ নহয়; ই একেবাৰে ন্যায়োচিত আৰু সম্ভৱ কথা। এই কথা ‘আলফা’ আবিৰ্ভাৱ হোৱাৰ বহু আগৰে পৰা আমি কৈ আহিছোঁ (অৱশ্যে আমাতকৈও বহু আগেয়ে প্ৰয়াত জ্ঞাননাথ বৰা আদিয়ে অসম যে ভাৰতবৰ্ষৰ ভিতৰত থকাৰ কোনো যুক্তি নাই সেইবোৰ কথা ফঁহিয়াই দেখুৱাই থৈ গৈছে)। প্ৰয়াত বাল গংগাধৰ তিলকে ক'বৰ দৰে, “স্বাধীনতা মোৰ জন্মস্বত্ব”। এনেকি— “গান্ধীবাদী”সকলে মন কৰক! মোহন দাস গান্ধীয়েও কৈ গৈছে যে ভাৰতবৰ্ষৰ সংবিধানৰ লগত অসমৰ কোনো সম্পৰ্ক নাই, অসমে নিজৰ সংবিধান মতে চলা উচিত। যোৱা অসম আন্দোলনৰ কালতো আমি— মূল লক্ষ্য (বিদেশী বহিষ্কাৰ) সমৰ্থন কৰিও— সেই আন্দোলনে ভণ্ডামিৰ পথ লোৱাত তাৰ বিৰোধিতা কৰিবলৈ বাধ্য হৈছিলোঁ অকল নিৰ্বোধ হঠকাৰিতাবোৰৰ বাবেই নহয়, লগতে তথাকথিত আন্দোলনত “ভাৰতীয় সংবিধানৰ পবিত্ৰতা ৰক্ষা”ৰ পুনঃ পুনঃ ভাটৌ ঘোষণাটোৰ বিৰোধিতা কৰি, কিয়নো আমাৰ মতে ভাৰতীয় সংবিধানৰ প্ৰাথমিক কথাখিনিয়েই দেখুৱায় যে এইখন এখন কিনা-গোলামৰ সংবিধান, য'ত কোৱা হৈছে যে ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন হৈ যোৱাৰ কোনোদিনে কাৰো কোনো অধিকাৰ নাথাকিব, অৰ্থাৎ “এবাৰ যদি আমাৰ কবলত পৰিলা, তেনেহ'লে

চলিহাৰ চিঠি আৰু অন্যান্য ৰচনা » ২৭