এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
পাতনি। আগত দাঙ্গি ধৰা হল । দেখি, শুনি, ভোগি এই সৰু উপন্যাস খনি লেখি ৰাইজৰ এইয়ে যোৰ গ্ৰন্থ লেখা প্রথম উাম, যদি ৰাইজে ও পাঠক-পাঠিক৷ সকলে সাদৰে গ্ৰহণ কৰি উৎসাহ দিয়ে, তেহে মোৰ জীৱন ও পরিশ্রম সার্থক হব। আশা কৰো | আমাৰ সহৃদয় পাঠক পাঠিকা সকলে সৰল চিত্তে গ্রহণ কৰিব । | যদি এই সামান্য উপন্যাস খনিৰ পৰা পাঠক পাঠিকাৰ কিছু মাত্র উপকাৰ হয় তেন্তে মই আশাতীত আনন্দিত হম । আৰু এই | পুথি খনি হাতে লিখা অৱস্থাতেই মোৰ শিক্ষা-গুরু সদিয়া মাইনৰ স্কুলৰ হেড পণ্ডিত শ্রীযুক্ত মেডেল৷ ৰাম ডাঙ্গৰীয়াই খৰখেদাকৈ পঢ়ি চাই ভুল কিছুমান শুধৰাই দিছে ৷ সেই কাৰণে লেখকে তেওঁলৈ আন্তৰিক ভক্তিৰে শৰাই আগ বঢ়াইছে । ইতি ডাঙ্গৰী গাওঁ । পোঃ তালাপ । ১লা মে, ১৯২২ । বিনীত-- শ্রীদণ্ডীধৰ সোনোৱাল |