সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
চণ্ডিকাখ্যান ৷


অনায়াসে মহা শব্দে কৰিলা ছেদন।
গুছিল আন্ধাৰ ভৈল উদিত তপন॥
দৈত্যসেনা মাজে পশি চামুণ্ডা গোসাণী।
শূলা ঘাতে আৰু মহা লৌহ শক্তিহানি॥
অনেক অসুৰ বধি শুম্ভৰ আগত।
মহাকোপে বিচৰণ কৰন্ত তথাত॥
শত্ৰু সেনা মাজে পশি ব্ৰক্ষ্মাণী দৈত্যৰ।
কমণ্ডলু জলসিঞ্চি কৈলা দৰ্প চূৰ॥
মাহেশ্বৰী শূলহানি বৈষ্ণবী চক্ৰেৰে।
দৈত্যগণে বধে প্ৰাণে কাৰ্ত্তিকী শক্তিৰে॥
ইন্দ্ৰাণীৰ বজ্ৰাঘাত অনেক অসুৰ।
বিদীৰ্ণ হৃদয় হৈয়া গৈলা যমঘৰ॥
বাৰাহীৰ মুখাঘাতে কতেক দানৱ।
তীক্ষ্ণ দন্তা ঘাতে কতো ভৈলা পৰাসব॥ (১)
চক্ৰৰ আঘাতে কতো বিদীৰ্ণ হৃদয়।
বহাইয়াৰক্তেনদী প্ৰাণে ভৈলাক্ষয়॥
নাৰসিংহী নখাঘাতে হৃদয় বিদাৰী।
দৈত্যৰক্ত কৈলা পান মহানাদ কৰি॥


(১) পৰাসব, মৃত্যু ৷