সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৯
চণ্ডিকাখ্যান।

ত্ৰিলোক লভোক ইন্দ্ৰে যজ্ঞৰ ভাগত।
অমৰৰ অধিকাৰ হৌক পূৰ্ব্ব বত॥
জীবনত আছে বদি আশা তোসবাৰ।
পাতাল পুৰীত সবে যাউক অসুৰ॥
বলৰ গৰ্ব্বত যদি কৰাহা সমৰ।
বিলম্ব নকৰি সবে আসিয়ো সত্বৰ॥
অসংখ্য জম্বুক মোৰ ক্ষুধাত আতুৰ।
তোসবাৰ মাংসে পুৰ্ণ হৈবন্ত উদৰ॥
মহেশক দূত কাৰ্য্যে যেই ভগৱতী।
নিযোজিলা হৈল তান নাম শিৱদূতী॥
অনন্তৰ হুয়া দেবী দূত শূল পাণি।
দানব সবাক শুনাইলাহা দেবীবাণী॥
দেবীৰ বচন শুনি যতেক অসুৰ।
ক্ৰোধভাবে আসিলন্ত সমীপে দেবীৰ॥
চৌপাশে আবৰি যত দুষ্ট দৈত্যগণ।
দেবীক কৰিলা পাছে বান বৰিষণ॥
শেল শূল শক্তি আদি অস্ত্ৰেদানৱৰ।
ৰুধিলন্ত ৰবি ৰশ্মি হৈলন্ত আন্ধাৰ॥
পাছে দেবী ভগৱতী ধনুক টঙ্কাৰি।
দানবৰ শৰজাল মহা শৰ ধৰি॥