এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
চণ্ডিকাখ্যান ।
নাৰ সিংহী আবিৰ্ভাব হৈলা ভয়ঙ্কৰ।
নৰ সিংহ ৰূপ ধৰি আগত চণ্ডীৰ॥
হাতে বজ্ৰ অস্ত্ৰ লৈয়া উঠি গজেন্দ্ৰত।
ইন্দ্ৰৰূপে শচী দেবী পশিলা ৰণত॥
অনন্তৰ দেবশক্তি সমূহ মধ্যত।
হাতে শূল শূল পাণি হৈলা আবিভূৰ্ত॥
চণ্ডীক বুলিলা বাণী দেব মহেশ্বৰ।
মোৰ প্ৰীতি হেতু শীঘ্ৰে বধিয়ো অসুৰ॥
মহেশৰ বাণী সমাপনে একশক্তি।
চণ্ডিকাৰ দেহ হন্তে ভৈলা উতপতি॥
আতি কোপৱতী সেহি দেহ ভয়ঙ্কৰ।
লগত অসংখ্যশিবা কৰন্ত চিৎকাৰ॥
ধুম্ৰবৰ্ণ জটা জূট ধাৰী মহেশক।
জয়শীলা সেহি দেবী বুলিলাহা বাক॥
শুম্ভ নিশুম্ভৰ কাশে দূত হয়া তুমি।
চলিয়ো গিৰিজা নাথ দেব শূলপাণি॥
অতিদৰ্পী শুস্ত দৈত্য নিশুম্ভ অসুৰ।
আৰু অন্য যত দৈত্য তান সহচৰ॥
যুদ্ধ হেতু সমবেত আছয় তথাত।
সবাক কহিয়ো দেব আমাৰ বঞ্চিত॥