এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৭
চণ্ডিকাখ্যান ৷
অতি বীৰ্য্য বলৱতী দেৱৰ শকতি।
নিজ ৰূপে চণ্ডী আগে ভৈলাউপস্থিতি॥
যি দেবৰ যেইৰূপ ভূষণ বাহন।
সেই সেই ৰূপে যুদ্ধে আইলা শক্তিগণ॥
প্ৰথমে ব্ৰক্ষ্মাৰ শক্তিহংসৰ যানত।
আৰোহণ কৰি দেবী পশিলা ৰণত॥
অক্ষমালা কমণ্ডলু হাতত ধাৰিণী।
জগতৰ জন্মদাত্ৰী এহিসে ব্ৰহ্মাণী॥
সৰ্পৰ কঙ্কন অৰ্ধচন্দ্ৰ অলঙ্কাৰ।
বৃষত-আৰোহি হাতে ধৰিলা৷ ত্ৰিশূল॥
এহিৰূপে মাহেশ্বৰী পশিলা ৰণত।
ধক ধক জ্বলে অগ্নি দেবী কপালত॥
কাৰ্ত্তিকৰ ৰূপে দেবী ময়ূৰ বাহনে।
হাতে শক্তি ধৰি আইলা কাৰ্ত্তিকী সংগ্ৰামে॥
আসিলা বৈষ্ণবী দেবী বিঞ্চুৰূপ ধৰি।
আৰোহি গৰুড় স্কন্ধে পৰমা সুন্দৰী॥
শঙ্খ চক্ৰ গদা খড়্গ আৰু ধনু ধৰি।
হাতত চণ্ডিকা দেখি নিলন্ত আদৰি॥
যজ্ঞ বৰাহৰ মূত্তি ধৰি বিষ্ণু শক্তি।
আৰ্বিভূতা হৈলা দেবা বৰাহ মূৰতি॥