এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৬
চণ্ডিকাখ্যান ৷
উপস্থিত প্রায় দৈত্য সেনা ভয়ঙ্কৰ ।
দেখি চণ্ডী ধনুৰ্গুণে দিলাহা টঙ্কাৰ ॥
সেহি শব্দে দশদিশ পৃথিবী মণ্ডল ।
পৰিপূৰ্ণ হৈয়া পাছে খলক লাগিল ॥
অনন্তৰে পঞ্চানন দেবীৰ বাহন ৷
কৰিলাহা মহাৰাজ গম্ভিৰ গর্জন ॥
ঘণ্টাৰ শবদে পাছে চণ্ডিকা-গোসাণী।
বিস্তাৰিলা ভূমণ্ডলে ধনু সিংহধ্বনি ॥
বহল বদন যাৰ শব্দ আতি ঘোৰ ।
কৰিলাহা সেহি কালী ধ্বনি ভয়ঙ্কৰ ॥
ধনু শব্দ ঘণ্টা নাদ কেশৰি গর্জন ৷
জিনিলন্ত নিজ শব্দে কালিকা তখন ॥
সেহি শব্দ শুনি পাছে দৈত্য সৈন্যচয় ।
নানা প্রহৰণ লৈলা কোপে কম্পকায় ॥ .
চণ্ডিকা কেশৰী আৰু কালীৰ চৌপাশে !
বেঢ়িলন্ত মহা বেগে শুম্ভৰ আদেশে ॥
এহি সময়ত দেব দ্বেযী ৰাক্ষসৰ ।
বিনাশার্থে আৰু শুভ হেতু অমৰৰ ॥
ব্ৰহ্মা বিষ্ণু শূলপাণি কাৰ্ত্তিক ইন্দ্ৰৰ ।
দেহ হন্তে শক্তিগণ ভৈলাহা বাহিৰ ॥