এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৫
চণ্ডিকাখ্যান ৷
দুর্গা দুৰ্গা নাম লোৱা সবে নৰ প্ৰাণী৷ ।
ইঘোৰ সংসাৰে দুর্গা দেবী সে তৰণী ৷
⸻
পদ।
মেধস বদতি পাছে শুনা নৃপবৰ ।
চণ্ড মুণ্ড বধ বার্তা শুনি দৈত্যেশ্বৰ ॥
কোপে ৰক্ত হৈল আখি কম্পিত শৰীৰ ৷
আদেশিলা যত সৈন্য শুম্ভ মহাবীৰ ॥
আজি যডশীতি দৈত্য ধৰি প্রহৰণ।
যাউক আদেশে মম লৈয়া সৈন্যগণ ॥
কম্বু নামে খ্যাত যত চৌৰাশী অসুৰ।
নিজ নিজ সৈন্য লৈয়া যাওক সত্বৰ ॥
কোটি বীৰ্য্য কুলে জাত দানৱ যাবত।
শতেক ধূম্ৰৰ কুলে জগতে বিখ্যাত ॥
কালক দৌহৃত মৌর্য্য কাল কেয় নামে ।
সত্বৰে কৰোক যাত্ৰা দেবীৰ সংগ্রামে ॥
আছয় যাতেক সৈন্য নগৰত মোৰ ৷
এতিক্ষণে যুদ্ধহেতু হৌক অগ্ৰসৰ ॥
এহি ৰূপে কৰি আজ্ঞা শুম্ভ দৈত্যপতি।
অসংখ্য বাহিনী সমে ধাইলা যুদ্ধপ্ৰতি॥