সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
চণ্ডিকাখ্যান ৷

তাকো খড়্গহানি,  কালিকা গোসাণী,
 মহা কোপে নিপাতিলা॥

মহাবীৰ চণ্ড,  বলৱন্ত মুণ্ড,
 ৰণত দেখি নিহত।

ভয়ত আওৰ,  শেষ সৈন্য চয়,
 দশো দিশে পলাই লন্ত॥

চণ্ডৰ মুণ্ডৰ,  দুই গোট শিৰ,
 কালিকা লৈয়া হাতত।

অম্বিকাক বাণী,  শুনালা আপুনি,
 ভীষণ কৰি হসিত॥

তোমাৰ কাৰণে,  এহি যুদ্ধ যজ্ঞে,
 চণ্ড মুণ্ড মহাসুৰ।

পশু ৰূপে বধি,  তোমাক সম্প্ৰতি,
 দিলো মই উপহাৰ॥

সাদৰে গ্ৰহণ,  কৰি উপহাৰ,
 ইবাৰ তুমি যুদ্ধত।

হুয়া উপস্থিত,  শুম্ভ নিশুম্ভক,
 কৰিবা নিজে নিহত॥

চণ্ড মুণ্ড শিৰ,  হাতত কালীৰ,
 অম্বিকা কৰি দৰ্শন।