সমললৈ যাওক

পৃষ্ঠা:চণ্ডিকাখ্যান.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
চণ্ডিকাখ্যান।

চৰণ প্ৰহাৰে,  হিয়াৰ আফালে,
 অসুৰ কৰিলা হত॥
যত অস্ত্ৰ শস্ত্ৰ,  কৰিলা প্ৰহাৰ,
 অসুৰ কালিক প্ৰতি।
গ্ৰহণ মুখেৰে,  কৰি ক্ৰোধ ভৰে,
 চোবাইলাহা ভগৱতী॥
এহিৰূপে দেবী,  চণ্ডিকা গোসাণী
 বলৱন্ত দৈত্যগণ।
কতোক মৰ্দ্দন,  কতোক ভক্ষণ,
 কতোক কৈলা তাড়ণ॥
কৰি খড়গা ঘাত,  কেতেক নিপাত,
 কতোক শকতি হানি।
আবাতে দন্তৰ,  কতেক অসুৰ,
 বধিলা ৰণ ৰঙ্গিণী॥
ক্ষণিকে দৈত্যৰ,  সৰ্ব্ব সৈন্যক্ষয়,
 দেখি চণ্ড মহাবীৰ।
ভীষণ মূৰতি,  কালি কাক প্ৰতি,
 ধাইলা কোপে সত্বৰ॥
মুণ্ডে তেতি ক্ষণ,  বাণ বৰিষণ,
 কৰিলা কালীক প্ৰতি।